ETV Bharat / state

হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিলঃ ইউপিপিএল

author img

By

Published : Dec 26, 2020, 10:24 AM IST

Updated : Dec 26, 2020, 10:50 AM IST

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল ৷ এই বিস্ফোৰক মন্তব্য কৰিছে ইউপিপিএলৰ পাৰিষদ তথা বিটিচি পৰিষদৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷ কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে,বিপিএফ দলে পৰাজিত হোৱাৰ পিচত ইউপিপিএলৰ নিৰ্বাচিত পাৰিষদ সকলৰ ঘৰে ঘৰে গৈ পাৰিষদ সকলৰ পৰিয়ালক দাবী ধমকি দিয়াৰ লগতে ৫০ কোটিৰ পৰা এশ কোটিলৈ দি হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল ৷

UPPLs allegation to BPF
হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিলঃইউপিপিএল

চিৰাং,26ডিচেম্বৰঃবিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল ৷এই বিস্ফোৰক মন্তব্য কৰিছে ইউপিপিএল ৰ পাৰিষদ তথা বিটিচি পৰিষদৰ নৱ-নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে৷ কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে,বিপিএফ দলে পৰাজিত হোৱাৰ পিচত ইউপিপিএলৰ নিৰ্বাচিত পাৰিষদ সকলৰ ঘৰে ঘৰে গৈ পাৰিষদ সকলৰ পৰিয়ালক দাবী ধমকি দিয়াৰ লগতে ৫০ কোটিৰ পৰা এশ কোটিলৈ দি হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল ৷তদুপৰি বিপিএফৰ বাবে প্ৰয়োজনীয় চাৰিজনকৈ পাৰিষদৰ বাবে ৪০০ কোটিৰ লগতে প্ৰতিজনকে কাৰ্যবাহী সদস্য পদ দিয়াৰো চেষ্টা চলাইছিল বিপিএফে ৷ বসুমতাৰীয়ে লগতে কয় যে, বিপিএফে ছমাহৰ পিচতে পুনৰ পৰিষদ গঠনৰ যি দাবী কৰিছে সেইয়া উদ্দেশ্যহীন আৰু গুৰুত্বহীন ৷ বিপিএফৰ নেতৃত্বই ইমানবোৰ প্ৰলোভন দিয়াৰ পিছতো ইউপিপিএলৰ পাৰিষদ সকলক টলাব পৰা নাছিল বুলি কাৰ্যবাহী সদস্যগৰাকীয়ে মন্তব্য কৰি বিপিএফে হৰ্চ ট্ৰেডিঙৰ বাবে ব্যৱহাৰ কৰিব বিচৰা এই বৃহৎ পৰিমানৰ ধনৰাশি ক'ত পাইছিল সেইয়া ভগৱানেহে জানে বুলি কয় ৷

হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিলঃ ইউপিপিএল

ইপিনে, নৱ-নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আন এক বিস্ফোৰক মন্তব্য কৰি কয় যে, নতুন পৰিষদৰ কোনোসদস্যই বিটিচি পৰিষদীয় সচিবালয়ত কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰাৰ লগতে পানী পৰ্যন্ত গ্ৰহণ নকৰে৷কাৰণ বিপিএফৰ হৈ কাম কৰা সচিবালয়ৰ কৰ্মচাৰী সকলে কোন সময়ত কি কৰে তাৰ কোনো নিশ্চয়তা নাই৷আনহাতে,দীৰ্ঘদিন বিপিএফৰ নেতৃত্বত থকা বিটিচি সচিবালয়ত দুৰ্নীতিৰ পাহাৰ গঢ়ি উঠিছিল বুলি অভিযোগ কৰি যিকোনো বিভাগতে টকা নহ'লে কোনো কাম হোৱা নাছিল ৷ বিষয়া সকলৰ কথা বাদেই চকীদাৰ-পিয়নকো ফাইল অনা নিয়াৰ বাবে মুকলি ভাৱে টকা দিবলগীয়া হৈছিল বুলি অভিযোগ কৰে ৰঞ্জিত বসুমতাৰীয়ে৷কোনোপধ্যেই দুৰ্নীতিগ্ৰস্ত লোকক প্ৰশ্ৰয় দিয়া নহ'ব বুলি মন্তব্য কৰি ইউপিপিএলে চৰকাৰে এই সন্দৰ্ভত পৰিৱৰ্তন কৰাৰ বাবে চেষ্টা অব্যাহত ৰখাৰ লগতে সচিবালয়ৰ বিষয়া-কৰ্মচাৰীক প্ৰয়োজনত বদলি কৰিব বুলিও হুংকাৰ দিয়ে নৱ-নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷

লগতে পঢ়কঃ ক'ৰণা অতিমাৰীৰ পাছত প্ৰথমবাৰৰ বাবে ভোমোৰাগুৰিত পৰ্যটকৰ ভিৰ

Last Updated : Dec 26, 2020, 10:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.