চিৰাং, 4 ডিচেম্বৰ : বিগত সময়ত বিটিচিৰ মুছলমান সকলৰ বাবে বিপিএফে কি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে ইউপিপিএল দলৰ মানস চেৰফাং ব্লক কমিটীয়ে । পানবাৰী কাৰ্যালয়ত দলটোৰ ব্লক কমিটীৰ নেতা বিল্লাল হুছেইনে এক সংবাদমেল পাতি প্ৰমান সহকাৰে জনায় যে, যোৱা ২০ মে ২০১৫ত বিটিচি পৰিষদীয় সদনত আব্দুল আলী মণ্ডল নামৰ এজন এমচিএলে লিখিত ভাৱে পৰিষদীয় সদনত জানিব বিচাৰিছিল যে বিটিচিত সংখ্যালঘু সকলৰ উন্নয়ণৰ বাবে বিশেষ কোনো আঁচনি গ্ৰহণৰ ব্যৱস্থা আছে নেকি ? যদি আছে তেন্তে ক’ত কি ব্যৱস্থা কৰা হৈছে ?
![uppl press meet at chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangupplpressmeet-vis-10012_04122020133142_0412f_1607068902_847.jpg)
ইয়াৰ উত্তৰত তদানীন্তন বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে লিখিত ভাৱে জনাইছিল যে নাই, প্ৰশ্নই নুঠে । সংখ্যালঘু সকলৰ বাবে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ণ বিভাগ আছে । বিটিচিত এই বিভাগে কৰা কামৰ বিষয়ে অৱগত নহয় বুলি স্পষ্টকৈ লিখিত ভাৱে জনাইছিল । গতিকে বিটিচিৰ সংখ্যালঘু নেতা সকলে এই গুৰুত্বপূৰ্ণ বিষয়টো সংখ্যালঘু লোকৰ পৰা লুকুৱাই ৰাখি বিপিএফৰ হৈ ভোট ভিক্ষা কৰি আছে । এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰি সংখ্যালঘু লোক সকলক বিপিএফ দলক ভোটদানৰ পূৰ্বে এবাৰ ভাৱিবলৈ আহ্বান জনায় বিল্লাল হুছেইনে ।
![uppl press meet at chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangupplpressmeet-vis-10012_04122020133142_0412f_1607068902_973.jpg)