ETV Bharat / state

কংগ্ৰেছ বিজয়ী হ'ব পৰা দল নহয়ঃ উৰ্খাউ গৌৰা ব্ৰহ্ম - কোকৰাঝাৰ

চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলাই ইউ পি পি এলৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে কংগ্ৰেছ দলে পুনৰ উদ্ধাৰৰ চেষ্টাহে কৰিছে ৷ নিৰ্বাচনত বিজয়ী হ'ব পৰা দল নহয় ৷ আনহাতে বিটিচিত বিপিএফে দলে কৰা দুৰ্নীতিৰ বাবে জনসাধাৰণে দলটোক প্ৰত্যাখ্যান কৰিব বুলিও প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে

Chirang
author img

By

Published : Apr 6, 2019, 3:35 PM IST

চিৰাং, 06 এপ্ৰিলঃ কোকৰাঝাৰ লোকসভা সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাত ইউনাইটেড পিপুলছ পাৰ্টী (লিবাৰেল) চমুকৈ ইউ পি পি এল দলে জিলাখনত ব্যাপকভাৱে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে ৷ এবছু আৰু প্ৰগতিশীল এন ডি এফ বিৰ সমৰ্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই শনিবাৰে চিৰাং জিলাত চাৰিখন ঠাইত চাৰিখন নিৰ্বাচনী সভাত অংশলৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ জিলাখনৰ ঐতিহ্যমণ্ডিত ৰঞ্চাইধামত শনিবাৰে আবেলি অনুষ্ঠিত দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত দলটোৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, সমষ্টিটোত এইবাৰ ৰাইজে তেওঁক আকোঁৱালি লৈছে ৷ 12 জনকৈ প্ৰাৰ্থীয়ে সমষ্টিটোত মনোনয়ন পত্ৰ প্ৰদান কৰিছে যদিও মুঠ চাৰিজন প্ৰাৰ্থীৰ মাজতে চলিব প্ৰতিদ্বন্দ্বিতা ৷

কংগ্ৰেছ বিজয়ী হ'ব পৰা দল নহয় - উৰ্খাউ গৌৰা ব্ৰহ্ম

উৰ্খাও গৌৰা ব্ৰহ্মই মন্তব্য কৰে যে, ৰাইজে ইউ পি পি এল দলক সঁহাৰি জনাইছে ৷ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াক এইবাৰ ৰাইজে প্ৰত্যাখান কৰিব ৷ বিগত পাঁচ বছৰত শৰণীয়াই উন্নয়নৰ বাবে লাভ কৰা পঁচিশ কোটি টকা ক'ত প্ৰয়োগ কৰিছে তাক ৰাজহুৱা কৰিবলৈ আহ্বান জনায় ৷ একেদৰে পোন্ধৰ বছৰ বিটিচিত শাসন কৰা বিপিএফে চৰম দুৰ্নীতি কৰাৰ বাবে বৰ্তমান জনসাধাৰণে এই দলকো এইবাৰ প্ৰত্যাখ্যান কৰিব বুলি মত ব্যক্ত কৰে ৷

সমাগত নিৰ্বাচনত ৰাইজে তেওঁকে বিজয়ী কৰিব বুলি ধাৰণা কৰি উৰ্খাও গৌৰা ব্ৰহ্মই সমষ্টিটোত শান্তি পূৰ্ণ ভোটদান হোৱাটো কামনা কৰে ৷ ইউ পি পি এলৰ চিদলী ব্লক সমিতিৰ সভাপতি অকুল বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত নিৰ্বাচনী সভাত এবছুৰ কেন্দ্ৰীয় মুখপাত্ৰ জয়ন্ত বসুমতাৰী, দলৰ অনুসূচীত জাতি কোষৰ সভাপতি নাৰায়ণ মজুমদাৰ, মহিলা গোটৰ সভানেত্ৰী বীণা গয়াৰীয়ে প্ৰাৰ্থী জনৰ সপক্ষে ভোটদানৰ বাবে ভাষণ প্ৰদান কৰে ৷ সভাত বিটিচিৰ পৰিষদীয় সদস্য মাউথি ব্ৰহ্ম হাজোৱাৰী, নিৰ্মল কুমাৰ ব্ৰহ্মসহ কে'বাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে, শনিবাৰে চিৰাং জিলাত কেইবাঠাইতো ইউ পি পি এলৰ প্ৰাৰ্থীজনে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নিৰ্বাচনৰ প্ৰচাৰৰ পূৰ্বে প্ৰাৰ্থী জনে বাথৌ মন্দিৰত প্ৰৱেশ কৰি প্ৰাৰ্থনাও কৰে ।

Intro:চিৰাঙত ইউ পি পি এলৰ প্ৰচাৰ তুংগত,
নিৰ্বাচনত ৰাইজে বিজয়ী কৰিবঃ ইউ জি ব্ৰহ্ম।

কোকৰাঝাৰ লোকসভা সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাত ইউনাইটেড পিপুলছ পাৰ্টী (লিবাৰেল) চমুকৈ ইউ পি পি এল দলে জিলাখনত ব্যাপকভাৱে  নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে ৷ এবছু আৰু প্ৰগতিশীল এন ডি এফ বিৰ সমৰ্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই আজি চিৰাং জিলাত চাৰিখন ঠাইত চাৰিখন নিৰ্বাচনী সভাত অংশলৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ জিলাখনৰ ঐতিহ্যমণ্ডিত ৰঞ্চাইধামত আজি আবেলি অনুষ্ঠিত দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত  দলটোৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, সমষ্টিটোত এইবাৰ ৰাইজে তেওঁক আঁকোৱালি লৈছে ৷ ১২ জনকৈ সমষ্টিটোত মনোনয়ন পত্ৰ প্ৰদান কৰিছে যদিও মুঠ  চাৰিজন প্ৰাৰ্থীৰ মাজতে চলিব প্ৰতিদ্বদ্বিতা ৷ তেওঁ কয়, ৰাইজে ইউ পি পি দলক সঁহাৰি জনাইছে ৷ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীযাক এইবাৰ ৰাইজে প্ৰত্যাখান কৰিব ৷ বিগত পাঁচ বছৰত শৰণীয়াই উন্নয়নৰ বাবে লাভ কৰা পঁচিশ কোটি টকা ক'ত প্ৰয়োগ কৰিছে তাক ৰাজহুৱা কৰিবলৈ আহ্বান জনায় ৷ একেদৰে পোন্ধৰ বছৰ বিটিচিত শাসন কৰা বিপিএফে চৰম দুৰ্নীতি কৰাৰ বাবে বৰ্তমান জনসাধাৰণে  এই দলকো এইবাৰ প্ৰত্যাখান কৰিব বুলি মত ব্যক্ত কৰে ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আগুৱাব নোৱাৰিব যদিও দলটোৱে দলক শাক্তি কৰাৰ বাবে প্ৰাৰ্থী থিয কৰাইছে ৷ সমাগত নিৰ্বাচনত ৰাইজে তেওঁকে বিজয়ী কৰিব বুলি ধাৰণা কৰি উৰ্খাও গৌৰা ব্ৰহ্মই সমষ্টিটোত শান্তি পূৰ্ণ ভোটদান হোৱাটো কামনা কৰে ৷ ইউ পি পি এলৰ চিদলী ব্লক সমিতিৰ সভাপতি অকুল বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত নিৰ্বাচনী সভাত এবছুৰ কেন্দ্ৰীয় মুখপাত্ৰ জয়ন্ত বসুমতাৰী, দলৰ অনুসূচীত জাতি কোষৰ সভাপতি নাৰায়ণ মজুমদাৰ, মহিলা গোটৰ সভানেত্ৰী বীণা গয়াৰীয়ে প্ৰাৰ্থী জনৰ সপক্ষে ভোটদানৰ বাবে ভাষণ প্ৰদান কৰে ৷ সভাত বিটিচিৰ পৰিষদীয় সদস্য মাউথি ব্ৰহ্ম হাজোৱাৰী, নিৰ্মল কুমাৰ ব্ৰহ্ম সহ কে'বাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে, আজি চিৰাং জিলাত কে'বা ঠাইত ইউ পি পি এলৰ প্ৰাৰ্থীজনে নিৰ্বাচনী প্ৰচাৰ চলায় ৷
নিৰ্বাচনৰ প্ৰচাৰৰ পূৰ্বে প্ৰাৰ্থী জনে বাথৌ মন্দিৰত প্ৰৱেশ কৰি প্ৰাৰ্থনাও কৰে ।

বাইট : উৰ্খাউ গৌৰা ব্ৰহ্ম,কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ ইউ পি পি এল প্ৰাৰ্থী ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : উৰ্খাউ গৌৰা ব্ৰহ্ম,কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ ইউ পি পি এল প্ৰাৰ্থী ।

Conclusion:সভাত বিটিচিৰ পৰিষদীয় সদস্য মাউথি ব্ৰহ্ম হাজোৱাৰী, নিৰ্মল কুমাৰ ব্ৰহ্ম সহ কে'বাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে, আজি চিৰাং জিলাত কে'বা ঠাইত ইউ পি পি এলৰ প্ৰাৰ্থীজনে নিৰ্বাচনী প্ৰচাৰ চলায় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.