ETV Bharat / state

United Forum of Ex NDFB: চিৰাঙত প্ৰাক্তন এনডিএফবিৰ একত্ৰিত গোটৰ আত্মপ্ৰকাশ - এনডিএফবি

চিৰাঙৰ বল্লামগুৰিত প্ৰাক্তন এনডিএফবিৰ চাৰিওটা গোটে একত্ৰিত হৈ গঠন কৰিলে নতুন সংগঠন । শুকুৰবাৰে গঠন কৰে ইউনাইটেড ফ'ৰাম অৱ এক্স-এনডিএফবি নামৰ সংগঠনটো (United Forum of Ex NDFB formed in Chirang)।

United Forum of Ex NDFB formed in Chirang
চিৰাঙত প্ৰাক্তন এনডিএফবিৰ গোটে একত্ৰিত হৈ গঠন কৰিলে এটা নতুন সংগঠন
author img

By

Published : Oct 22, 2022, 8:49 AM IST

চিৰাং, 22 অক্টোবৰ: চিৰাঙৰ বল্লামগুৰিত সংগঠিত হ’ল নেচনেল ডেম'ক্ৰেটিক ফ্ৰন্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ নতুন সংগঠন (NDFB)। এনডিএফবিৰ চাৰিওটা গোটৰ সদস্যসকল একগোট হৈ শুকুৰবাৰে গঠন কৰিলে ইউনাইটেড ফোৰাম অৱ এক্স-এনডিএফবি (United Forum of Ex NDFB)।

এই নতুন সংগঠনটো শিলা বসুমতাৰীক সভাপতি আৰু দানশ্ৰাং নাৰ্জাৰীক সাধাৰণ সম্পাদক হিচাবে লৈ গঠন কৰা বুলি সংবাদমেলত প্ৰকাশ কৰে নতুন সংগঠনটোৰ নেতৃত্বই । মূলতঃ প্ৰাক্তন এনডিএফবিৰ সদস্যসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ সংগঠনটোৰ সৃষ্টি কৰা বুলি সংবাদমেলযোগে জনায় সংগঠনটোৰ নেতৃত্বই ।

চিৰাঙত প্ৰাক্তন এনডিএফবিৰ গোটে একত্ৰিত হৈ গঠন কৰিলে এটা নতুন সংগঠন

এই সংগঠনটোৰ সভাপতি শিলা বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, "যৌথভাৱে সকলো সমস্যা সমাধানৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবলৈ গঠন কৰা হৈছে এই সংগঠন ৷ আমাৰ সংগঠন কাৰো বিৰুদ্ধে নহয়, কোনো ৰাজনৈতিক দল, কোনো দল-সংগঠন, কোনো জাতিৰ বিৰুদ্ধে নহয় অথবা কোনো ধৰ্মৰ বিৰুদ্ধেও নহয় বৰঞ্চ আমাৰ সমস্যাসমূহ সমাধানৰ বাবেহে গঠন কৰা হৈছে এই সংগঠন ৷

লগতে পঢ়ক: এনডিএফবিৰ হত্যাকাণ্ডত নিহতৰ স্মৃতিচাৰণ সভা

তেওঁ লগতে কয়," চৰকাৰক আমি আমাৰ সমস্যাসমূহ সোঁৱৰাই দিব লাগিব ৷ শ্বহীদ পৰিয়ালবিলাকক 5 লাখকৈ সাহাৰ্য্য দিয়াৰ কথা আছিল চৰকাৰে ৷ তাৰে হয়তো দুই তিনিজনে পাইছো কিন্তু বহুতো পোৱা নাই ৷ আমাৰ চুক্তিতে আছে যিবিলাকৰ বয়স আছে আৰু উপযুক্ত অৰ্হতা আছে ইচ্ছা কৰিলে চৰকাৰে সেইসকলক নিযুক্তি দিব পাৰে ৷ কিন্তু সেইবিলাক আজিলৈকে আমাৰ হোৱা নাই ৷ সেয়া এই সমস্যাবোৰ সমাধান কৰিবলৈ গঠন কৰা হৈছে ইউনাইটেড ফোৰাম অৱ এক্স-এনডিএফবি ৷"

উল্লেখ্য যে, নেচনেল ডেম'ক্ৰেটিক ফ্ৰন্ট অৱ বড়োলেণ্ড (NDFB) আছিল এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন (National Democratic Front of Boroland) ৷ যিয়ে বড়ো জনগোষ্ঠীৰ বাবে সাৰ্বভৌম বড়োলেণ্ড লাভ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু ভাৰত চৰকাৰে এই সংগঠনটো সন্ত্ৰাসবাদী সংগঠন হিচাপে নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক: Azadi ka Amrit Mahotshav: হাতত AK-47 লৈ উগ্ৰপন্থীৰ মাজত ত্ৰাস সৃষ্টি কৰা মহিলা IPS গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.