চিৰাং, 1 জুলাইঃ ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং-বাগছা জিলাৰ সীমামূৰীয়া বুৰিখামাৰ গাঁৱৰ পৰা এনডিএফবিৰ দুগৰাকী মহিলা কেডাৰ আটক কৰে আৰক্ষীয়ে ৷ বিশেষ সূত্ৰৰ ভিত্তিত চিৰাং জিলা আৰক্ষীয়ে সেনাৰ সহযোগত এই অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োগৰাকী মহিলা কেডাৰক ৷
চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা অনুসৰি, দুয়োগৰাকী সদস্যা ক্ৰমে, শোণিতপুৰ জিলাৰ ৰঙাপাৰা কৰ্দৈগুৰিৰ জুলি বসুমতাৰী ওৰফে বি জিৰি জিৰি(32) আৰু চিৰাং জিলাৰ আমগুৰি ঔগুৰিৰ ৰতিমা বসুমতাৰী ওৰফে বি ৰমৈ ৰমৈ বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকী সদস্যাই এনডিএফবিৰ 40 আৰু 42 গোটৰ হৈ ম্যানমাৰত প্ৰশিক্ষণ লাভ কৰি চাৰিবছৰৰ অন্তত অসমলৈ ঘূৰি আহিছিল ৷ আৰক্ষীয়ে দুয়োগৰাকী সদস্যাৰ পৰা দুটা নাইন এম এম পিষ্টল আৰু তিনিজাঁই পইন্ট টু টু গুলীৰ লগতে অন্যান্য় নথিপত্ৰ জব্দ কৰিছে ৷
অধিক পঢ়কঃ WHATSAPP যোগে ISI ক সেনাৰ তথ্য প্ৰদান ভাৰতীয় নাগৰিকৰ