ETV Bharat / state

চুমিলা ৰংহাংপীৰ হত্যাকাৰীৰ ফাঁচিৰ দাবী বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ

চুমিলা ৰংহাংপীৰ আত্মাৰ চিৰশান্তিৰ বাবে চিৰাং আৰু বঙাইগাঁও জিলা ট্ৰাইবেল সংঘই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । হত্যাকাৰীৰ ফাঁচিৰ দাবী জনায় বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ কৰ্মকৰ্তাই । আনহাতে, ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ দাবী জনোৱাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে চিৰাং জিলা ট্ৰাইবেল সংঘই ।

Tribal sangha condolence to Sumila Rahangpi
চুমিলা ৰংহাংপীৰ আত্মাৰ চিৰশান্তিৰ বাবে চিৰাং আৰু বঙাইগাঁৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
author img

By

Published : May 1, 2021, 12:24 PM IST

চিৰাং, ১ মে': ৰাজ্য কঁপোৱা চুমিলা ৰহাংপীৰ হত্যাকাণ্ডক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ । শুকুৰবাৰে চিৰাং আৰু বঙাইগাঁও জিলাত ট্ৰাইবেল সংঘই বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰে । বঙাইগাঁও জিলাৰ মেচপাৰাত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ সদস্যসকলে চুমিলাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ উচিত বিচাৰৰ দাবী জনায় ।

বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি সঞ্জীৱ কুমাৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক চবিন কুমাৰ ৰাভাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে, এই ঘটনাৰ ক্ষীপ্ৰ আৰু নিৰপেক্ষ তদন্ত হোৱা উচিত । লগতে দোষীৰ ফাঁচিৰ দাবী জনায় সংগঠনটোৱে ।

Tribal sangha condolence to Sumila Rahangpi
চুমিলা ৰংহাংপীৰ আত্মাৰ চিৰশান্তিৰ বাবে চিৰাং আৰু বঙাইগাঁৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

আনহাতে, শুকুৰবাৰে চিৰাং জিলাৰ বেংতল গেটস্থিত জিলা কাৰ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰি ট্ৰাইবেল সংঘৰ চিৰাং জিলা সমিতিয়ে চুমিলাৰ আত্মাৰ চিৰশান্তি কামনা কৰে । লগতে চুমিলা হত্যাৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলাই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় সংগঠনটোৰ চিৰাং জিলা সমিতিৰ কৰ্মকৰ্তাসকলে ।

উল্লেখ্য যে, নগাঁৱৰ প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত কাম কৰিবলৈ ৰখা হৈছিল ১২ বছৰীয়া চুমিলা ৰংহাংপীক । পিছত প্ৰকাশ বৰঠাকুৰৰ চোতালতে উদ্ধাৰ হৈছিল জীৱন্তে অগ্নিদগ্ধ হোৱা চুমিলাৰ মৃতদেহ ।

প্ৰকাশ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰই অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱাৰ পিছত অন্তঃসত্বা হোৱাৰ উমান পাই পৰিকল্পিতভাৱে প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালে চুমিলাক জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । কাৰ্বি আংলং জিলাৰ নিৰীহ কিশোৰীগৰাকীৰ হত্যাকাণ্ডৰ পিছতে প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ ৰাজ্যতে ।

লগতে পঢ়ক:মহিলাক অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত পাৰ্থ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.