চিৰাং, 21 জুলাই : ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ-প্ৰশাসন সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷ মঙলবাৰে চিৰাং জিলাত পুনৰ 28 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হয় ৷ স্বাস্থ্য বিভাগৰ লোকে প্ৰকাশ কৰিছে এই তথ্য ৷ আক্ৰান্ত লোক কেইজনক জিলাখনৰ সদৰ জেএচবি অসামৰিক চিকিৎসালয় আৰু কাশিকত্ৰা মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব দিয়ে ৷
মাত্ৰ 24 ঘন্টাত 28 গৰাকী লোক জিলাখনত আক্ৰান্ত হোৱাৰ পিচতে জিলাখনত গণ সংক্ৰমণৰ আশংকা কৰিছে ৰাইজে ৷
উল্লেখ্য যে, 20 জুলাইত নিশা হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা 25092 গৰাকী ৷ বৰ্তমানেও চিকিৎসালয়ত থকা ৰোগীৰ সংখ্যা 7936 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 17095 গৰাকী আৰু অসমত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 58 গৰাকী ৷
লগতে পঢ়ক : শিৱসাগৰত চাৰিটা নতুন স্বাৱ পৰীক্ষা কেন্দ্ৰ মুকলি