ETV Bharat / state

"এক ভাৰত বিজয়ী ভাৰত"ৰ বাণীৰে অসমত উপস্থিত শ্ৰী থাংগা ৰাজা - বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়

শ্ৰী থাংগা ৰাজা,এগৰাকী শাৰিৰীকভাৱে সক্ষম লোক যিয়ে সুদুৰ কন্যাকুমাৰীৰ পৰা স্কুটী চলাই আহি উপস্থিত হৈছে অসমৰ চিৰাং জিলাত ৷ কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অভিযন্তা শ্ৰী থাংগা ৰাজাই বিবেকানন্দ শিলান্যাসৰ 50 বৰ্ষপূৰ্তি উপলক্ষে "এক ভাৰত বিজয়ী ভাৰত"ৰ বাণীৰে এইদৰে অসমত আহি উপস্থিত হৈছে ৷

"এক ভাৰত বিজয়ী ভাৰত"ৰ বাণীৰে শ্ৰী থাংগা ৰাজা
author img

By

Published : Oct 29, 2019, 1:16 PM IST

চিৰাং, 29 অক্টোবৰঃ সুদুৰ কন্যাকুমাৰীৰ পৰা স্কুটী চলাই অসমত আহি উপস্থিত হৈছে এগৰাকী বিশেষভাৱে সক্ষম লোক ৷ বিবেকানন্দ শিলান্যাসৰ 50 বৰ্ষপূৰ্তি উপলক্ষে "এক ভাৰত বিজয়ী ভাৰত"ৰ বাণীৰে অসমত আহি উপস্থিত হোৱা লোকজন হৈছে অভিযন্তা শ্ৰী থাংগা ৰাজা

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত শ্ৰী থাংগা ৰাজা

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশেষভাৱে সক্ষম অভিযন্তাগৰাকীয়ে কন্যাকুমাৰীস্থিত বিবেকানন্দ শিলান্যাসৰ 50 বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি অসমত উপস্থিত হয় ৷ অসমৰ চিৰাং জিলাৰ কাজলগাঁৱস্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত উপস্থিত হোৱা অভিযন্তাগৰাকীক বিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে উষ্ম আদৰণি জনাই ৷

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক

বিগত 2 ছেপ্টেম্বৰৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰা শ্ৰী থাংগা ৰাজাই 101 দিনৰ ভ্ৰমণ সামৰি পুনৰ কন্যাকুমাৰীত উপস্থিত হ'ব ৷ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত শ্ৰী থাংগা ৰাজাক ভাৰতীয় সেনাবাহিনীৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অনুপ সোনাৰে এই যাত্ৰাৰ বাবে আদৰণি জনায় ৷ "এক ভাৰত বিজয়ী ভাৰত"ৰ মহান বাণীৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰা এই অভিযন্তাগৰাকী ছাত্ৰ সমাজৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবেই এক প্ৰেৰণা উৎস ৷

Intro:কন্যাকুমাৰীৰ পৰা শাৰিৰীক ভাৱে সক্ষম এজন লোকে তিনিচকীয়া বাহনেৰে ৪৮ দিন ভ্ৰমনৰ অন্তত চিৰাঙত প্ৰৱেশ । উষ্ম আদৰনি চিৰাঙত । বিবেকানন্দ শিলান্যাসৰ এক ভাৰত,বিজয় ভাৰত বানী বিলাই যোৱাই মুল উদ্দেশ্য ।

Body:চিৰাং জিলা সদৰ কাজলগাঁওৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত এজন বিশেষ লোকক সম্বৰ্ধনা জনায় বিদ্যালয় কতৃপক্ষই । কোন এই বিশেষ লোকজন ? জানো আহক । সুদুৰ কন্যাকুমাৰিৰ বিবেকানন্দৰ প্ৰাক্তন ছাত্ৰ তথা অভিযন্তা শ্ৰী থাংগা ৰাজা এজন শাৰীৰিক ভাৱে সক্ষম লোক । যোৱা ২ ছেপ্টেম্বৰ কন্যাকুমাৰীৰ বিবেকানন্দ শিলান্যাসৰ বানী এক ভাৰত,বিজয় ভাৰতৰ বানী সমগ্ৰ ভাৰতত বিলোৱাৰ উদ্দেশ্যে তিনিচকীয়া এখন বিশেষ বাহনেৰে অকলে নিজৰ ভ্ৰমন আৰম্ভ কৰে । কন্যাকুমাৰীৰ পৰা কাশ্মীৰ আৰু তাৰ পিচত বিহাৰ পশ্চিমবঙ্গ হৈ উত্তৰ পুৰ্ব্বাঞ্চল ভ্ৰমনৰ উদ্দেশ্য সোমবাৰে চিৰাঙত উপস্থিত হয় । নিশাটো চিৰাং জিলা সদৰ কাজলগাঁওৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত থকাৰ পিচত পুনৰ আজি যাত্ৰা আৰম্ভ কৰে গুৱাহাটী লৈ । সমগ্ৰ উত্তৰপুৰ্বাঞ্চল ভ্ৰমন তথা সমগ্ৰ ভাৰত বৰ্ষ ভ্ৰমন সামৰি ১০১ দিনৰ পিচত পুনৰ উপস্থিত হব নিজৰ মাতৃভূমি কন্যাকুমাৰীত ।
আজি এই বিশেষ লোকজনক কাজলগাঁওৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপৰ সুবিধা দিয়ে ।

বাইট : থাংগাৰাজা । ভ্ৰমনকাৰী ।

এই সম্বৰ্ধনা অনুষ্টানত ভাৰতীয় সেনাৰ লেফ্টেনেন্ট সহ কেবাজনো জোৱান আৰু বিবেকানন্দ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । বিদ্যালয়ৰ অধ্যক্ষ অনুপ সোনাৰে নিজৰ ভাষনত থাংগাৰাজাক আদৰনি জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰেৰনা বুলি কয় ।

Conclusion:স্বামী বিবেকানন্দৰ পৰা অহা তথা বিবেকানন্দ শিলান্যাসৰ বানী এক ভাৰত,বিজয় ভাৰত সমগ্ৰ ভাৰতত বিয়পোৱাৰ উদ্দেশ্যে ভ্ৰমন কৰা শাৰিৰীক ভাৱে সক্ষম এইজন লোক ছাত্ৰ সমাজৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবেই প্ৰেৰনাৰ উৎস । তেওঁ খোজকাঢ়িব নোৱাৰে কিন্ত তিনিচকীয়া বাহনেৰে সমগ্ৰ ভাৰত বৰ্ষ জিনাৰ সপোন বাস্থৱায়িত কৰাৰ অন্তিম মুহুৰ্তত অৱতিৰ্ণ হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.