ETV Bharat / state

Encounter at Chirang : ডকাইতৰ গুলীত আহত আৰক্ষী বিষয়া প্ৰকাশ মেধি

author img

By

Published : Apr 5, 2022, 10:04 AM IST

Updated : Apr 5, 2022, 11:40 AM IST

চিৰাঙৰ দুটা পৃথক স্থানত সোমবাৰে নিশা সংঘটিত হয় দুটাকৈ গুলীচালনাৰ ঘটনা(Encounter at two different places in Chirang) ৷ খুংগ্ৰিঙত সংঘটিত গুলীচালনাৰ ঘটনাত দুজন সন্দেহজনক প্ৰাক্তন NLFB সদস্য নিহত হোৱাৰ বিপৰীতে আহত হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ লগতে তেওঁৰ এগৰাকী নিৰাপত্তাৰক্ষী ৷ আন এক ঘটনাত দুজনীয়া অস্ত্ৰধাৰী দলৰ গুলীত নিহত হৈছে ৰাজা বড়ো নামৰ এগৰাকী 20 বছৰীয়া যুৱক ৷

three-died-in-separate-gun-fight-at-chirang-district
চিৰাঙৰ দুই পৃথক স্থানত গুলীচালনাৰ ঘটনা

চিৰাং, 5 এপ্ৰিল : সোমবাৰে নিশা চিৰাঙৰ দুই পৃথক স্থানত সংঘটিত হয় গুলীচালনা(Encounter at two different places in Chirang) ৰ ঘটনা ৷ এই গুলীচালনাৰ ঘটনাত আহত হৈছে এগৰাকী আৰক্ষী বিষয়া আৰু তেওঁৰ নিৰাপত্তাৰক্ষী ৷ ইয়াৰ বিপৰীতে আন এক গুলীচালনাৰ ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী সাধাৰণ যুৱকে ৷

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ খুংগ্ৰিং এলেকাত আৰক্ষীৰে মুখামুখি সংঘৰ্ষ হয় দুজনীয়া অস্ত্ৰধাৰী এটা দলৰ সৈতে ৷ আৰক্ষীৰ আকস্মিক উপস্থিতিৰ উমান লাভ কৰি দলটোৱে আৰম্ভ কৰে গুলীচালনা ৷ যাৰ ফলত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হয় জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ লগতে তেওঁৰ এগৰাকী নিৰাপত্তাৰক্ষী ৷ আৰক্ষী বিষয়াগৰাকীৰ সোঁ-হাতত দুটাকৈ গুলীয়ে আঘাত কৰা বুলি জানিব পৰা গৈছে ৷

চিৰাঙৰ দুই পৃথক স্থানত গুলীচালনাৰ ঘটনা

প্ৰকৃততে যোৱা 29 মাৰ্চত ভাৰত-ভূটান সীমান্তৰ আমটেকাৰ যমুনাগুৰি আৰু ইন্দ্ৰপুৰত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ৷ উক্ত ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড মহন্ত নাৰ্জাৰী আৰু অন্যান্য সংগীসকলক কৰায়ত্ত কৰাৰ বাবে চিৰাং আৰক্ষীৰ এটা দলে সোমবাৰে নিশা চলাইছিল অভিযান ৷ এনে অভিযানৰ সময়তে খুংগ্ৰিং অঞ্চলত আত্মগোপন কৰি থকা ডকাইতৰ দলটোৰ সৈতে মুখামুখি হয় আৰক্ষীৰ অভিযানকাৰী দলটো ৷

লগতে চাওক: Biswanath police encounter: আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাৰী

আত্মৰক্ষাৰ্থে ডকাইতৰ দলটোৱে যধে-মধে গুলী চলাই আৰক্ষীৰ দলটোৰ ওপৰত ৷ অৱশ্যে প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰা গুলীচালনাত থিতাতে প্ৰাণ হেৰুৱাই ডকাইতৰ দলটোৰ দুয়োগৰাকী সদস্যই ৷ অস্ত্ৰধাৰী নিহত ডকাইতৰ দলটোৰ এজনক মহন্ত নাৰ্জাৰী বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ বিপৰীতে আনজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই ৷ তদুপৰি দুয়োজনকে প্ৰাক্তন NLFB সদস্য বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

আনহাতে, ঢালিগাঁও অঞ্চলত হোৱা আন এক গুলীচালনাৰ ঘটনাত আহত হৈছে এগৰাকী সাধাৰণ যুৱক ৷ সোমবাৰে নিশা ঢালিগাঁও থানাৰ অন্তৰ্গত কিষাণ বজাৰৰ সমীপৰ খামাৰপাৰাত মনোৰঞ্জন নাৰ্জাৰী নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰিছিল দুজনকৈ অস্ত্ৰধাৰী লোক ৷ এই বিষয়ে জানিব পাৰি নিশাৰ ভাগতেই ৰাজা বড়ো(20) নামৰ যুৱকজনে উক্ত ঘটনাৰ খবৰ ল’বলৈ বুলি খামাৰপাৰালৈ যাওতে যুৱকজনক পথৰ মাজতে গুলীয়াই হত্যা কৰে অস্ত্ৰধাৰী লোক দুজনে ৷

মনোৰঞ্জন-ৰাজা সম্পৰ্কত ভিনিহিয়েক-খুলশালীয়েক হোৱাৰ বাবেই লৰালৰিকৈ যুৱকজনে এই খবৰ ল’বলৈ ব্যক্তিগৰাকীৰ বাসগৃহলৈ গৈছিল ৷ নিশা আন্ধাৰৰ সুযোগ লৈ অস্ত্ৰধাৰী দুজনীয়া দলটোৱে যুৱকজনক এনেদৰে হত্যা কৰা কাৰ্যই চকু কপালত তুলিছে স্থানীয় লোকৰ ৷

ইপিনে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ মুক্ত বিচৰণে শংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ তদুপৰি দুৰ্বৃত্তৰ এনে মুক্ত বিচৰণে জিলাখনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি বহু প্ৰশ্নৰ অৱতাৰণা ঘটাইছে ৷ আৰক্ষীৰে গিজগিজাই থকা নামনি অসমৰ এনে এখন গুৰুত্বপূৰ্ণ জিলা হিচাপে পৰিচিত চিৰাং জিলাত কেনেকৈ দুৰ্বৃত্তই এনেদৰে অবাধ বিচৰণ কৰিব পাৰে, সেয়া হৈ পৰিছে চিন্তনীয় ৷

লগতে চাওক: ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী

Last Updated : Apr 5, 2022, 11:40 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.