ETV Bharat / state

সম অধিকাৰ সম মৰ্যাদাৰ নামত বিটিচিত প্ৰহসন হোৱাৰ অভিযোগ

author img

By

Published : Dec 17, 2020, 10:16 PM IST

বিটিআৰত সূত্ৰধৰ জনগোষ্ঠীক আওকাণ কৰি মনোনীত কোনো সদস্য নিয়োগ নকৰাৰ অভিযোগ ৷ সদৌ অসম সূত্ৰধৰ ছাত্ৰসন্থাৰ শিক্ষা সম্পাদক লক্ষীকান্ত সূত্ৰধৰে এই অভিযোগ তুলি প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি ভংগ কৰা বুলি উল্লেখ কৰিছে ৷

sutradhar student union
sutradhar student union

চিৰাং, 17 ডিচেম্বৰ : বিটিচি পৰিষদৰ বাবে ৰাজ্যপালে ছয় সদস্য মনোনীত কৰাৰ পাচতে অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশই ৷ সদৌ অসম সূত্ৰধৰ ছাত্ৰসন্থাৰ শিক্ষা সম্পাদক লক্ষীকান্ত সূত্ৰধৰে বিটিআৰত সূত্ৰধৰ জনগোষ্ঠীক আওকাণ কৰি মনোনীত কোনো সদস্য নিয়োগ নকৰাৰ অভিযোগ তুলিছে ।

সম অধিকাৰ সম মৰ্যাদাৰ নামত বিটিচিত প্ৰহসন হোৱাৰ অভিযোগ

সম অধিকাৰ সম মৰ্যাদাৰ নামত বিটিচিত প্ৰহসন হোৱা বুলি মত প্ৰকাশ কৰিছে শিক্ষা সম্পাদক গৰাকীয়ে । প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হোৱা বুলিও দাবী কৰিছে সংগঠনটোৱে । ইয়াৰ লগতে সম্পূৰ্ণ অসাংবিধানিকভাৱে বিটিচিত পৰিষদ গঠন কৰা হৈছে বুলিও প্ৰকাশ কৰিছে শিক্ষা সম্পাদকগৰাকীয়ে ৷ তাৰোপৰি বিজেপি চৰকাৰখনে ডিভাইড এণ্ড ৰুল নীতিৰে ৰাজ্য শাসন কৰা বুলি উল্লেখ কৰি অহা বিধান সভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে লক্ষীকান্ত সূত্ৰধৰে ৷

উল্লেখ্য যে,বিটিচি পৰিষদ গঠন কৰিয়েই যেন এইদৰে প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লগীয়া হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন আৰু ইউপিপিএল,বিজেপি,জিএছপি মিত্ৰজোটৰ পৰিষদখন ৷ যোৱা 12 ডিচেম্বৰত ফলাফল ঘোষণাৰ পাচতে 15 ডিচেম্বৰত 5 গৰাকী সদস্য সহ বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত লৈছিল প্ৰমোদ বড়োৱে ৷ নতুনকৈ বিটিচিৰ শাসনৰ বাঘজৰী হাতত লোৱা প্ৰমোদ বড়োৱে এইধৰণৰ প্ৰত্যাহ্বানক কি দৰে প্ৰতিহত কৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : এই মাহতে তিনি কংগ্ৰেছ বিধায়কৰ‌ বিজেপিত যোগদানৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.