ETV Bharat / state

ম’বাইল গেমে প্ৰাণ ল’লে ছাত্ৰৰ - covid

চিৰাং জিলাত ৰহস্যজনক মৃত্যু ৰুনিখাতাৰ মোৰেমবাৰী গাঁওৰ দশম শ্ৰেণীৰ ছাত্ৰৰ । দীৰ্ঘদিনৰ পৰা ম'বাইলৰ দুটাকৈ গেমৰ প্ৰতি আসক্তি বাঢ়িছিল ছাত্ৰজনৰ । স্থানীয় লোকে জানিবলৈ দিয়া মতে ম'বাইলত গেম খেলিব নোপোৱাৰ বাবে নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে ।

student suicide
ম'বাইল গেমৰ বাবে চিৰাঙত ছাত্ৰৰ আত্মহত্যা
author img

By

Published : Jun 10, 2021, 8:34 PM IST

চিৰাং,১০ জুন : শেহতীয়াকৈ ম'বাইল গেম (Mobile Game) কিশোৰ তথা যুৱ প্ৰজন্মৰ মাজত ঘাতক ৰূপত দেখা দিছে । অভিভাৱকে ম'বাইল গেম খেলাত বাধা দিয়াৰ ফলত দেশ তথা অসমতো কেইবাটাও আত্মহত্যাৰ দৰে মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । এইবাৰ চিৰাং জিলাত সংঘটিত হ'ল অনুৰূপ ঘটনা । ম'বাইলত গেম খেলিব নোপোৱাৰ বাবেই আত্মহত্যা কৰাৰ সন্দেহ ৰুনিখাতাৰ মোৰেমবাৰী গাঁওৰ দশম শ্ৰেণীৰ ছাত্ৰৰ । ছাত্ৰজনে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল ।

দীৰ্ঘদিনৰ পৰা ম'বাইলৰ দুটাকৈ গেমৰ প্ৰতি আসক্তি বাঢ়িছিল ছাত্ৰজনৰ । স্থানীয় লোকে জানিবলৈ দিয়া মতে ম'বাইলত গেম খেলিব নোপোৱাৰ বাবে নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে । আনকি পৰিয়ালৰ লোক আৰু গাঁৱৰ লোকসকলে এই ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ নিদিয়াকৈয়ে মৃতদেহ সৎকাৰ কৰাকলৈ চাঞ্চল্যই বিৰাজ কৰিছে । ইফালে এগৰাকী ছাত্ৰই এনেদৰে মৃত্যুক আঁকোৱালি লোৱাত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

ক'ভিড(covid) সৃষ্টি পৰিৱেশৰ বাবে বিগত বছৰৰ পৰাই একপ্ৰকাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে । তেনেস্থলত শিক্ষাৰ্থীসকলে ঘৰত থাকিয়ে অধ্যয়ন কৰিবলগীয়া হৈছে । কিন্তু এনে সময়ত একাংশ ছাত্ৰ-ছাত্ৰী ম'বাইল গেমৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । শিক্ষা গ্ৰহণত যাতে শিক্ষাৰ্থীৰ ক্ষতি নহয় তাৰ বাবে চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু বৰ্তমান সমাজত একাংশ শিক্ষাৰ্থী বিপথে পৰিচালিত হোৱা দেখা গৈছে । পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কৰবাত যদি শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰিছে আন কৰবাত আকৌ ম'বাইল গেম খেলিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছে শিক্ষাৰ্থীয়ে । শিক্ষাৰ্থীৰ এনে কৰ্ম এতিয়া চিন্তাৰ কাৰণ হৈছে সচেতন মহলৰ বাবে ।

লগতে পঢ়ক: মহানগৰীত উদ্ধাৰ জোনাইৰ ১০ বছৰীয়া শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.