চিৰাং, 28 নৱেম্বৰঃ চিৰাঙৰ বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন লোক । দুৰ্ঘটনাক লৈ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি সৃষ্টি ৷
চিৰাঙৰ বিজনীৰ মৌতাৰাত সংঘটিত হোৱা ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত হয় এজন লোক । নিহত লোকজন বঙাইগাওঁ জিলাৰ দহলাপাৰাস্থিত চিন্টু ৰায় বুলি চিনাক্ত কৰা হৈছে । AS-15C-9455 নম্বৰৰ টাটা মেজিকৰ সৈতে দ্ৰুত বেগী AS-19-M-8551 নম্বৰৰ Bajaj Palsur ৰ মুখামুখি সংঘৰ্ষ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ পিচতে পৰিস্থিতি উত্তপ্ত হৈ পৰে যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইতিমধ্যে আহত লোকজনক বিজনীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও এতিয়ালৈ লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।