চিৰাং,২৪ মে' : ভোটগণনাৰ উখল-মাখল পৰিৱেশৰ মাজতে শুকুৰবাৰে নিশা চোৰে লুটপাত চলালে চিৰাঙৰ ৰঞ্চাইধাম বজাৰত । চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ৰঞ্চাইধাম বজাৰৰ পাঁচখনকৈ দোকানত চোৰে লুটপাট চলায় । উক্ত পাঁচখন দোকানৰ ভিতৰত আছিল তিনিখনকৈ কাপোৰৰ দোকান, এখন গেলামালৰ দোকান আৰু এখন ষ্টেচনাৰী দোকান ।
চোৰে তহিলং কৰা দোকানকেইখনৰ গৰাকীসকল ক্ৰমে , সঞ্জয় বসুমতাৰী,চন্দন বসুমতাৰী,সুমুতি বসুমতাৰী,হিতেশ ৰঞ্জন বসুমতাৰী আৰু ৰহিথা বসুমতাৰী । নিশা দোকান সামৰি সকলো ঘৰাঘৰি হোৱাৰ পাছতে চোৰে ৰঞ্চাইধাম বজাৰৰ এই সমূহ দোকানত লুটপাট চলায় । এই সন্দৰ্ভত ৰাতিপুৱা দোকান খুলিবলৈ আহিহে গম পাই দোকানীকেইজনে আৰু লগে লগেই এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে বাসুগাঁও থানাত । ইফালে আৰক্ষীয়ে ঘটনাস্থলীত পৰিদৰ্শ কৰি তদন্ত অব্যাহত ৰাখিছে ।