ETV Bharat / state

মডেল বিটিচি: তিনিবছৰে সম্পূৰ্ণ নহ'ল আৱাস যোজনাৰ ঘৰ - Scam at BTC in PMAY house

ভিচিডিচিৰ সভাপতিৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ ৷ চিৰাং জিলাৰ কাশিকত্ৰা ভিচিডিচিৰ অন্তৰ্গত আঠীয়াবাৰী গাঁৱত সংঘটিত হৈছে এই দুৰ্নীতি ৷ আজিও অৰ্ধ নিৰ্মিত অৱস্থাতে পৰি আছে তিনিবছৰ পূৰ্বেই নিৰ্মাণ আৰম্ভ হোৱা আৱাস যোজনাৰ ঘৰ ৷

Scam at BTC in PMAY house
মডেল বিটিচিৰ নগ্ন স্বৰূপ
author img

By

Published : Jun 25, 2020, 9:25 PM IST

Updated : Jun 25, 2020, 11:55 PM IST

চিৰাং, 25 জুন: বিটিচিত ক্ৰমাৎ পোহৰলৈ আহিছে ইটোৰ পাছত সিটো বিয়াগোম দুৰ্নীতিৰ ঘটনা ৷ এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ চিৰাং জিলাৰ কাশিকত্ৰা ভিচিডিচিৰ অন্তৰ্গত আঠীয়াবাৰী গাঁৱত সংঘটিত হৈছে এই দুৰ্নীতি ৷ আজিও অৰ্ধ নিৰ্মিত অৱস্থাতে পৰি আছে তিনিবছৰ পূৰ্বেই নিৰ্মাণ আৰম্ভ হোৱা আৱাস যোজনাৰ ঘৰ ৷ উপায়হীন হৈ অৰ্ধনিৰ্মিত ঘৰতে অবৰ্ণনীয় জীৱন যাপন কৰিছে হিতাধিকাৰীয়ে ৷

তিনিবছৰে সম্পূৰ্ণ নহল চৰকাৰী আৱাস যোজনাৰ ঘৰ

উল্লেখ্য যে, চিৰাং জিলাৰ কাশিকত্ৰা ভিচিডিচিৰ সভাপতি অনিৰাম মুচাহাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এই সমগ্ৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷ তিনিবছৰৰ পূৰ্বেই চৰকাৰী অনুদানৰ ধনেৰে কাশিকত্ৰা ভিচিডিচিৰ পৰা ঘৰ বনোৱা আৰম্ভ কৰিছিল অনিৰাম মুচাহাৰীয়ে । কিন্তু তিনিবছৰৰ পাছতো সম্পূৰ্ণ নহ'ল হিতাধিকাৰী হোপন ছোৰেনৰ ঘৰটো ৷ হোপন ছোৰেনে জনোৱা অনুসৰি সময়ে সময়ে ভিচিডিচিৰ কাৰ্যালয়লৈ মাতি নি টিপ চহী লৈছিল ভিচিডিচিৰ সভাপতি অনিৰাম মুচাহাৰীয়ে ৷ কিন্তু তাৰ পাছত কোনো ধৰণৰ কাম নকৰিলে সভাপতি গৰাকীয়ে ৷

মডেল বিটিচিৰ নগ্ন স্বৰূপঃ তিনিবছৰে সম্পূৰ্ণ নহল চৰকাৰী আৱাস যোজনাৰ ঘৰ

কেৱল ইমানেই নহয় এনেকৈ ঘৰ আধৰুৱা হৈ থকা বহু পৰিয়ালে নিজৰ গাঁঠিৰ ধনেৰেই সাজিব লগীয়া হৈছে চৰকাৰী ঘৰ ৷ বিগত ১৭ বছৰে বিটিচিত বিপিএফ দলে কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এই ক্ষেত্ৰত চিদলী খণ্ড উন্নয়ন বিষয়ালৈও সন্দেহৰ আঙুলি টোঁৱাইছে স্থানীয় লোকে ।

মডেল বিটিচিৰ নগ্ন স্বৰূপ

এতিয়া তথ্য সহকাৰে ফাদিল হোৱা এই সমূহ দুৰ্নীতিত জড়িত লোকৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীয়ে কি ব্যৱস্থা লয় সেইয়া হ'ব লক্ষণীয় । কাৰণ আগন্তুক বিটিচি নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ অহা এই সমুহ দুৰ্নীতিয়ে বিপিএফ দলক যে বহু পৰিমানে ক্ষতি কৰিব সেয়া নিশ্চিত ৷

লগতে পঢ়কঃ সুদীৰ্ঘ সময়ৰ পাছত পুনৰ উজলিল ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়

Last Updated : Jun 25, 2020, 11:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.