ETV Bharat / state

স্প্ৰেমেনঃ চিৰাং উপায়ুক্ত কাৰ্যালয় সন্মুখত প্ৰতিবাদ - চিদলী থানা

চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত বান্দুগুৰি গাঁৱত সংঘটিত হোৱা স্প্ৰেমেন কাণ্ড আৰু মহিলাক যৌন নিৰ্যাতন চলোৱা কাণ্ডৰ প্ৰতিবাদ জনাই বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জনায় গাঁওবাসীয়ে

চিৰাং উপায়ুক্ত কাৰ্যালয় সন্মুখত প্ৰতিবাদ
author img

By

Published : Oct 10, 2019, 9:27 PM IST

চিৰাং, 10 অক্টোবৰঃ চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত জনসাধাৰণৰ প্ৰতিবাদ । চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । বুধবাৰে নিশা চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত বান্দুগুৰি গাঁৱত সংঘটিত হোৱা স্প্ৰেমেন কাণ্ড আৰু মহিলাক যৌন নিৰ্যাতন চলোৱা কাণ্ডৰ প্ৰতিবাদ জনাই বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জনায় গাঁওবাসীয়ে ৷

চিৰাং উপায়ুক্ত কাৰ্যালয় সন্মুখত প্ৰতিবাদ

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা স্প্ৰেমেন আৰু যৌন নিৰ্যাতন সন্দৰ্ভকত হুলুস্থুলীয়া পৰিৱেশৰ সূচনা হৈছিল ৷ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথে কোনো সোপাধৰা নাই বুলি কৈ ৰাইজক ছত্ৰভংগ দিয়াবলৈ লাঠী চালনা কৰে ৷ যাৰ ফলত লাঠী চালনাত আহত হৈছিল কেইজনমান লোক । সেয়হে চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিলম্বনৰ দাবী জনায় প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।

লগতে পঢ়কঃ চিৰাঙত স্প্ৰে-মেনৰ আতংক

Intro:চিৰাঙত স্প্ৰে মেন বিতৰ্ক, উপায়ুক্ত কাৰ্য্যালয়-আৰক্ষী অধিক্ষকৰ কাৰ্য্যালয়ত জনসাধাৰনৰ প্ৰতিবাদ । চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ ।

Body:যোৱা নিশা চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত বান্দুগুৰি গাঁওত সংঘটিত হোৱা স্প্ৰেমেন কাণ্ড আৰু মহিলাজনীক ধৰ্ষন কৰিবলৈ লোৱা কাণ্ডৰ প্ৰতিবাদ জনাই আজি জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা আৰক্ষী অধিক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ জনায় গাঁওবাসীয়ে । নিশা যেতিয়া উক্ত ঘটনাক লৈ হুলুস্থুলীয়া পৰিৱেশৰ সুচনা হৈছিল তেতিয়া চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথে আহি কোনো সোপাধৰা নাই বুলি কৈ ৰাইজক ছত্ৰভঙ্গ দিয়াবলৈ লাঠী চালনা কৰিছিল আৰু কেইজনমান লোক আহত হৈছিল । তাৰ কিছুসময়ৰ পিচতে মহিলা জনীৰ ওপৰত আক্ৰমনৰ ঘটনা সংঘটিত হৈছিল । সেয়ে চিদলী থানাত অচি জনৰ বিৰুদ্ধে প্ৰতিবাদ জনায় । তেওঁক নিলম্বনৰ দাবী জনায় ।

বাইট দিলো ।

উক্ত ঘটনা সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে এই ঘটনাটো গমপোৱাৰ লগে লগে মই নিশাই ঘটনাস্থলি ভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লৈছো । এয়া অন্ধ বিশ্বাসৰ বাহিৰে একো নহয় । চিকিৎসকে জনোৱা মতে সাধাৰন ঘটনা । বিশেষ আঘাত পোৱা নাই । কাৰোবাৰ সৈতে হতাহতি হৈছে । বিয়লি এজাহাৰ দিছে আমি বিতং তদন্ত কৰিম বুলি জনোৱাৰ লগতে কয় চিদলী অচিৰ বিষয়টোৱো আমি বিভাগীয় ভাৱে চাম ।

বাইট : সুধাকৰ সিং , আৰক্ষী অধিক্ষক ।

Conclusion:যোৱা কিছু দিনৰ পৰা কোকৰাঝাৰত এই ধৰনৰ ঘটনা সংঘটিত হোৱাৰ বিষয়ে তথ্য পোহৰলৈ আহিছিল । এতিয়া চিৰাঙতো হবলৈ লৈছে । এয়া সোঁপাধৰা বুলি অন্ধবিশ্বাসৰ বলি হৈ এই ধৰনৰ ঘটনা কৰিবলৈ লৈছে তাতে কিছু দুষ্ট প্ৰকৃতিৰ লোকে সুবিধা গ্ৰহন কৰিছে । কাজলগাঁও পৌৰসভাৰ সভাপতি পানীৰাম ব্ৰহ্ম নিজেও আহি উত্তেজিত লোকক বুজনি দি প্ৰতিবাদ স্থলিৰ পৰা বিতাৰন কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.