ETV Bharat / state

ৰঞ্জন দৈমাৰী-অখিল গগৈৰ মুক্তিৰ দাবীৰে চিৰাঙত ৰাইজৰ সংবাদমেল - ৰাইজৰ সংবাদমেল

এন ডি এফ বিৰ প্ৰতিষ্ঠাপক ৰঞ্জন দৈমাৰী আৰু তেওঁৰ আন আন সতীৰ্থৰ লগতে, কৃষক নেতা অখিল গগৈ আৰু তেওঁৰ আন সতীৰ্থ সকলৰ মুক্তি আৰু উন্নত চিকিৎসাৰ দাবীৰে চিৰাঙৰ মালভিটাত ৰাইজৰ সংবাদমেল ৷

চিৰাঙত ৰাইজৰ সংবাদমেল
চিৰাঙত ৰাইজৰ সংবাদমেল
author img

By

Published : Jul 16, 2020, 11:24 AM IST

চিৰাং, 16 জুলাই: কাৰাগাৰৰ ভিতৰত থকা অৱস্থাতে COVID-19ত আক্ৰান্ত হয় এন ডি এফ বিৰ প্ৰতিষ্ঠাপক ৰঞ্জন দৈমাৰী আৰু আন 25 গৰাকী কেডাৰ ৷ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা অৱস্থাতে এই মহামাৰীৰ কবলত পৰিছে আটাইকেইগৰাকী লোক ৷ যাৰ বাবে আটাইকেইগৰাকী লোকক উচিত চিকিৎসা প্ৰদানৰ দাবীৰে চিৰাঙৰ মালিভিটাত এখন সংবাদ অনুষ্ঠিত কৰে, বিটিচি পৰিষদীয় ১৬ নং নিচিমা সমষ্টিৰ বাঘমাৰা-মালিভিটা অঞ্চলৰ ৰাইজে ৷

ৰঞ্জন দৈমাৰী-অখিল গগৈৰ মুক্তিৰ দাবীৰে চিৰাঙত ৰাইজৰ সংবাদমেল

আনহাতে অনুৰূপ অৱস্থা পৰিলক্ষিত হৈছে কৃষক নেতা অখিল গগৈৰ লগতে তেওঁৰ সতীৰ্থ সকলৰ ক্ষেত্ৰতো ৷ সংবাদমেলযোগ ৰাইজে অখিল গগৈ আৰু তেওঁৰ আন আন সতীৰ্থ সকলকো উন্নত চিকিৎসা প্ৰদান কৰিবলৈ অসম চৰকাৰক আহ্বান জনায় ৷ অখিল গগৈক অন্যায়ভাৱে কাৰাগাৰত সোমোৱাই থোৱা বুলি অভিযোগ উত্থাপন কৰি, অসম চৰকাৰে অতি শীঘ্ৰেই তেওঁলোককক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি ৰাইজে উল্লেখ কৰে সংবাদমেলযোগে ৷ লগতে ভাৰত চৰকাৰ আৰু এন ডি এফ বিৰ মাজত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম চুক্তিকাৰী আছিল ৰঞ্জন দৈমাৰী ৷ সেই চুক্তিৰ 9.4 দফাত উল্লেখ থকা অনুসৰি, এন ডি এফ বিৰ কেডাৰ আৰু নেতা সকলৰ ওপৰত থকা সকলো লঘু আৰু গধুৰ গোচৰ উঠাই লোৱা হ'ব ৷ কিন্তু আজি পৰ্যন্ত সেই চুক্তি কাৰ্যকাৰী হোৱা পৰিলক্ষিত হোৱা নাই বুলি উল্লেখ কৰি, তেওঁলোকক অতি শীঘ্ৰই সেই সমূহ গোচৰৰ পৰা মুক্ত কৰি কাৰাগাৰৰ পৰা মুকলি কৰি দিব লাগে বুলি উল্লেখ কৰে মালভিটাৰ ৰাইজে ৷

লগতে পঢ়ক: বঙাইগাঁৱত দলীয় সদস্যৰে মত বিনিময় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.