চিৰাং, 16 জুলাই : বুধবাৰে বঙাইগাঁৱত উপস্থিত হয় অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ বঙাইগাঁৱত উপস্থিত হৈ দলীয় সদস্যৰ সৈতে মত বিনিময় কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ।
অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ স্থিতি ৰাইজৰ মাজত এতিয়াও আছে ৷ কেইগৰাকীমান অন্য দলত গৈছে নিজৰ লাভালাভৰ বাবে, মন্ত্ৰীত্বৰ লালসাত । কৰ'ণাৰ বাবে লকডাউন আৰু হোম কোৱাৰেন্টাইনত থকা লোকে চৰকাৰে ঘোষনা কৰা দুহেজাৰ টকা লাভ নকৰাৰ কথা কোৱাৰ লগতে বানপানীত ককবকাই থকা তথা শিবিৰত আশ্ৰয় লোৱা বন্যাৰ্তই লাভ কৰা নাই পৰ্য্যাপ্ত সাহাৰ্য ৷ সংবাদমাধ্যমৰ আগত এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী জনে ।
অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই দলীয় সদস্যৰে মত বিনিময় কৰিব লৈ কিয় ওলাইছে সেই কথাও জনাই কয় যে, বিজেপিৰে অগপৰ মিত্ৰতা বহু সদস্যই পচন্দ কৰা নাছিল । আনহাতে দলীয় সংঘাতবোৰ কিয় হয় সেই বিষয়েও ব্যক্ত কৰে তেওঁ ।
লগতে পঢ়কঃ বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ড, দোকানসহ তিনিটা গৃহ ভষ্মীভূত