ETV Bharat / state

আপোন মানুহবোৰো ইমান নিষ্ঠুৰ হ'ব পাৰেনে.. - চিৰাং জিলাৰ বাসুগাঁও থানা

চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত, গোগলাপাৰা আৰু ভদেয়াগুৰি সীমান্তৰ ধৰণী বৰ্মন নামৰ লোকজনে, দিনৰ পিচত দিন দুৰ্বিসহ জীৱন কটাইছে দুপাত টিনৰ এখন চালিৰ তলতেই ৷

pathetic condition of an old person in chirang

author img

By

Published : May 8, 2020, 4:34 PM IST

চিৰাং, 8 মে': দুপাত টিনৰ এটা জৰাজীৰ্ণ ঘৰ ৷ তাৰ তলতেই দুৰ্বিসহ জীৱন যাপন এজন বৃদ্ধৰ ৷ পৈত্ৰিক ভূমি আছে যদিও অৱহেলিত নিজ ভাতৃৰ দ্বাৰাই ৷ চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত, গোগলাপাৰা আৰু ভদেয়াগুৰি সীমান্তৰ বাসিন্দা বৃদ্ধজনৰ নাম ধৰণী বৰ্মন ৷ এবছৰ পূৰ্বে 60ৰ উৰ্ধৰ লোকজন এক দুৰ্ঘটনাত পতিত হৈ, ভৰি ভগাৰ পিচৰ পৰাই অৱহেলিত হৈ পৰি আছে ভগা টিনৰ চালিৰ তলতেই ৷ পিতৃৰ জেষ্ঠ পুত্ৰ হোৱা সত্বেও 5 ভাতৃয়ে পৈত্ৰিক সম্পত্তি দখল কৰি, তেওঁক এনেদৰেই এৰি দিলে এটা দুৰ্বিসহ জীৱনৰ দিশে ৷

মানুহ নহয় যেন ইতৰ প্ৰাণীৰ জীৱনহে কটাইছে এগৰাকী অসহায় বৃদ্ধই

দুৰ্ভগীয়া লোকজন ভায়েক সকলৰ আশাতে ৰৈ আছে যদিও, ভায়েক সকলেও দুপাত টিনেৰে এখন চালি দিয়েই সামৰিলে দ্বায়িত্ব ৷ যাৰ বাবে ৰ'দ, বৰষুণ, বতাহকো নেওচি এক অসহায় জীৱন কটাবলগীয়া হৈছে লোকজনে ৷ কোনোৱে সহায় কৰিলে খায়, নকৰিলে লঘোণে-ভোকেই পৰি ৰয় চালিখনৰ তলতেই ৷ চালিখনৰ তলতেই শুইছে, খাইছে আৰু শৌচ-প্ৰস্ৰাৱো কৰিছে সেইখন চালিৰ তলতেই ৷

লক্ ডাউনৰ সময়ত আছুৰ বাসুগাঁও আঞ্চলিক সমিতিৰ সদস্য সকলে সেই স্থানলৈ সাহায্য প্ৰদান কৰিবলৈ যোৱাতহে, পোহৰলৈ আহে বৃদ্ধজনৰ দুৰ্বিসহ জীৱনৰ বিষয়ে ৷ এতিয়া অসহায় লোকগৰাকীয়ে কোনো আত্মীয়লৈ বাট নাচাই যেনেকৈ যিদৰে পাৰে সহায়ৰ বাবে আহ্বান জনাইছে সকলোকে ৷

লগতে পঢ়কঃ দুই বিশেষভাৱে সক্ষম জীয়ৰীৰ সৈতে 90 উৰ্দ্ধৰ আইতাৰ দুৰ্বিসহ জীৱন কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.