ETV Bharat / state

চিৰাঙত মুকলিকৈ বহিছে জুৱাৰ আড্ডা; নিৰৱ আৰক্ষী - আছু

উৎসৱৰ গইনা লৈ চিৰাঙত বহিছে জুৱাৰ আড্ডা ৷ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন চিৰাঙৰ কেইবাটাও ছাত্ৰ-সংগঠনৰ ৷

open Gambling at chirang
চিৰাঙত মুকলিকৈ বহিছে জুৱাৰ আড্ডা; নিৰৱ আৰক্ষী
author img

By

Published : Oct 24, 2021, 3:32 PM IST

চিৰাং, 24 অক্টোবৰ : চৌদিশে উৎসৱৰ বতৰ । কিন্তু এই উৎসৱৰ আওতা লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে জুৱাৰ আড্ডা ৷ আনকি উৎসৱৰ গইনা লৈ চিৰাং জিলাটো চলিছে জুৱাৰ আড্ডা ৷

জানিব পৰা মতে, একাংশ লোকে চিৰাং জিলাৰ ঢালিগাঁও থানাৰ পৰা মাত্ৰ পাঁচশ মিটাৰ নিলগৰ কুকুৰমাৰীত মুকলিভাৱে চলাই গৈছে জুৱাৰ আড্ডা । য’তে ত’তে বহা এই জুৱাৰ আড্ডা বন্ধ কৰাৰ বাবে তৎপৰ হৈছে চিৰাঙৰ কেইবাটাও ছাত্ৰ সংগঠন ৷ চিৰাঙৰ আঠটাকৈ ছাত্ৰ সংগঠন একত্ৰিত হৈ জুৱাৰ আড্ডা বন্ধ কৰাৰ বাবে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰিছিল চলিত মাহৰ ২০ তাৰিখে ।

open Gambling at chirang
চিৰাঙত মুকলিকৈ বহিছে জুৱাৰ আড্ডা

জিলা প্ৰশাসনেও জুৱাৰ আড্ডা বন্ধ কৰাৰ বাবে প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল ৷ কিন্তু জিলা প্ৰশাসনে প্ৰদান কৰা প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ৷ জিলা প্ৰশাসনে উৎখাত কৰিবলৈহে সক্ষম নহ’ল জুৱাৰ আড্ডা ৷ শনিবাৰে ঢালিগাঁও থানাৰ পৰা মাত্ৰ পাঁচশ মিটাৰ আঁতৰত দেখা গ’ল জুৱা খেলা (ডাব্বু খেল)ৰ আড্ডা ৷ এই লৈ এতিয়া পুনৰ সৰৱ হৈ পৰিছে ছাত্ৰ সংগঠন ৷

এই ক্ষেত্ৰত আৰক্ষীৰ নীৰৱ ভূমিকাক লৈয়ো ভিন্ন প্ৰশ্ন উত্থাপন কৰিছে চিৰাঙৰ কেইবাটাও ছাত্ৰ-সংগঠনে । আৰক্ষীৰ মিতিৰালি অবিহনে থানাৰ পৰা পাঁচশ মিটাৰ আঁতৰত মুকলিকৈ জুৱা খেল কেনেকৈ অনুষ্ঠিত হ’ব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ব্যক্ত কৰে আমছুৰ চিৰাং জিলা সভাপতি নাজিৰ ৰহমানে ।

লগতে পঢ়ক : নিঃশেষ হৈ যাব নেকি ডবকা সংৰক্ষিত বনাঞ্চল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.