ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ - কৃষক মুক্তি সংগ্ৰাম সমিতি

ৰাষ্ট্ৰীয় ঘাইপথ পৰিচালনা আৰু মেৰামতিৰ নামত চিৰাঙত সংঘটিত হৈছে অনিয়ম ৷ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বঙাইগাঁৱস্থিত কাৰ্যালয়ৰ পৰা এই অনিয়ম নিয়ন্ত্ৰিত হোৱাৰ উত্থাপিত হৈছে ব্যাপক অভিযোগ ৷ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আমছুৰ চিৰাং জিলা সমিতিয়ে ৷

NHAI scam at chirang assam etv bharat news
ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ
author img

By

Published : Jun 16, 2020, 2:02 PM IST

চিৰাং,16 জুন: ৰাজ্যৰ তিনিখন জিলা ক্ৰমে বৰপেটা, বঙাইগাঁও আৰু চিৰাঙত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিকা আৱণ্টন দিয়াৰ পিছতো কাম নকৰাকৈয়ে কোটি-কোটি টকা মোকোলাই নিলে ঠিকাদাৰে ৷ এই অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৱে ৷ ঘটনা প্ৰসংগত বিভাগীয় কাৰ্যালয়ৰ পৰা সম্পূৰ্ণ তথ্য বিচাৰি আবেদন জনাইছে চিৰাং জিলা আমছুৱে ৷

NHAI scam at chirang assam etv bharat news
বিকল ট্ৰেফিক চিগনেল

জিলা তিনিখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা লক্ষ্য কৰিলে পথৰ মাজত সৃষ্টি হোৱা বৃহৎ গাঁতৰ লগতে জহি-খহি যোৱা অংশ চকুত পৰে ৷ উক্ত পথছোৱাত নাই কোনো সঠিক ড্ৰেইনেজ ব্যৱস্থাৰ লগতে ডিভাইডাৰ ৷ তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ম অনুসৰি পথৰ মাজত প্ৰদূষণ ৰোধৰ বাবে ৰোপণ কৰিব লাগে গছপুলি ৷ মুঠতে পথৰ দুয়োকাষে নাই ৰিফ্লেক্টৰ, নাই সাংকেটিক চিহ্ন ৷ কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰেফিক পইণ্টসমূহ কেইবামাহৰ পৰা বেয়া হৈ থকাত অঞ্চলসমূহত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে ।

ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

সম্প্ৰতি এনেদৰে ৰাজ্যখনত অব্যাহত আছে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি আৰু পৰিচালনাৰ কাম ৷ বিভাগীয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথৰ উপযুক্ত মেৰামতি নকৰাকৈয়ে ৰাজ্যত স্থাপন কৰিছে ছখনকৈ টোলগেট ৷ তথ্য অনুসৰি চিৰাঙৰ মাজেৰে পাৰ হোৱা 31 নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছিল প্ৰায় 30 কোটি টকীয়া বিশেষ পেকেজ ৷ এই পেকেজৰ দায়িত্ব দুজন ঠিকাদাৰক প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷ কিন্তু ঠিকাদাৰে কাম নকৰাকৈয়ে পেকেজৰ আৱণ্টিত ধন মোকোলাই লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ উক্ত কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বঙাইগাঁওস্থিত কাৰ্যালয়ৰ পিডি বিশ্বজিত লহকৰৰ বিৰুদ্ধে ৷ বিষয় সন্দৰ্ভত লহকৰৰ সৈতে সংবাদমাধ্যমৰ সৈতে যোগাযোগ কৰাত বিষয়াগৰাকীয়ে মন্তব্য প্ৰদানৰপৰা বিৰত থাকে যদিও ঠিকাদাৰ দুজনে ধন আত্মসাৎ কৰা কথা স্বীকাৰ কৰে ৷

ঠায়ে ঠায়ে সৃষ্টি গাঁত

লগতে চাওকঃ জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনাঃ মৃতদেহ চমজি নললে পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.