চিৰাং, 29 ডিচেম্বৰ: ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ(Assam govt hospital) ব্যাপক উন্নয়ন সাধন হৈছি বুলি ঢাক-ঢোল বজাই থাকিলেও কাৰ্যতঃ সেয়া যে কেৱল কাগজে-কলমেহে হৈছে সেই কথা একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ কাৰণ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত(Tezpur Medical College Hospital) নৱজাতক(Neonatal death) আৰু প্ৰসুতিৰ মৃত্যুৱে অভিলেখ সৃষ্টি কৰাৰ পিছত এইবাৰ চিৰাঙৰ কাজলগাঁৱস্থিত জেএচবি অসামৰিক চিকিৎসালয়ত(JSB Civil Hospital Kajalgaon) নৱজাতকৰ মৃত্যুৰ কিৰিলি ।
বিগত তিনিমাহত চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত 21 টিকৈ নৱজাতকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে(Newborn death in JSB Civil Hospital) । চলিত বৰ্ষৰ অক্টোবৰ মাহত 5টি নৱজাতকৰ মৃত্যু, নবেম্বৰ মাহত 9 টি আৰু ডিচেম্বৰ মাহত চিকিৎসালয়খনত মৃত্যু হৈছে 7টিকৈ নৱজাতকৰ ৷
বুধবাৰৰ নিশাৰ ভিতৰতে চিকিৎসালয়খনত জন্ম হোৱাৰ পিছতেই দুটিকৈ নৱজাতকৰ অস্বাভাৱিক মৃত্যু হোৱাৰ(Unnatural newborn death) ঘটনাই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য । এটা নিশাৰ ভিতৰতে দুটিকৈ নৱজাতকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । কেৱল সিমানেই নহয়, কৰ্তব্যৰত নাৰ্চৰ বিৰুদ্ধে কামত গাফিলতি আৰু ধনদাবীৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(Nurse demand money from patients) । অভিযোগ অনুসৰি নাৰ্চৰ নিয়মিত ধনদাবীৰ পৰা সাৰি যাব নোৱাৰে কোনো এগৰাকী প্ৰসুতি নাইবা অভিভাৱক ।
আনকি, নিশাৰ ভিতৰতে নিজৰ সদ্যোজাত সন্তানক হেৰুৱাই শোকস্তব্ধ পিতৃ এজনো সাৰি যাব পৰা নাই কৰ্তব্যৰত নাৰ্ছৰ ধনদাবীৰ পৰা । এটা নিশাৰ ভিতৰতে দুটিকৈ নৱজাতকৰ মৃত্যু হোৱাৰ পিছতো কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ পি কে দাসৰ বিৰুদ্ধে । অতি লক্ষণীয় কথা যে, বুধবাৰে নিশা দুটিকৈ নৱজাতকৰ মৃত্যু হোৱাৰ কোনো তথ্যই নাই অধ্যক্ষজনৰ হাতত । সংবাদ মাধ্যমৰ আগত ছালেবেৰে কোবোৱা মন্তব্যৰে সাৰি যাবলৈ চেষ্টা মুৰব্বী চিকিৎসকগৰাকীৰ ।
উল্লেখ্য যে, বৃহস্পতিবাৰে বাসুগাঁৱৰ জনেন ব্ৰহ্মই তেঁওৰ গৰ্ভৱতী পত্নী( Pregnant woman) সুলেখা ব্ৰহ্মক নিশা 12 বজাত জৰুৰীকালীন 108এম্বুলেঞ্চেৰে কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল । কৰ্তব্যৰত চিকিৎসকৰ অনুপস্থিতিত নাৰ্ছসকলে স্বাভাবিক প্ৰক্ৰিয়াৰে পুত্ৰ সন্তান জন্ম দিয়ে । কিন্তু জন্মৰ পিছতেই শিশুটিয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নকৰাত নাৰ্ছৰ পৰামৰ্শ অনুযায়ী অভিভাৱকে চিকিৎসকক মাতি আনে কিন্তু তাতো কোনো ফল নধৰাত শিশুটিক এম্বুলেঞ্চ যোগে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষনা কৰে ।
ইপিনে পুৱতি নিশা চাৰি বজাত চিৰাং জিলাৰ গৰুভাষাৰ আমিনগাঁৱৰ বাসিন্দা বীৰদাউ গয়াৰীৰ গৰ্ভৱতী পত্নী ছনেলা গয়াৰীক জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অস্ত্ৰোপচাৰ যোগে এটি কন্যা সন্তান ভূমিষ্ঠ হয় । কিন্তু কন্যা সন্তানটিও মৃত্যুমুখত পৰে ।
দুৰ্ভাগ্যজনক কথা যে, নিজৰ সদ্যোজাত সন্তানৰ মৃত্যুৰ পিছতো কৰ্তব্যৰত নাৰ্ছ সকলে জনেন ব্ৰহ্মৰ পৰা নিশা 1000টকা আৰু পুৱতি নিশা 1500 টকা অৰ্থাৎ মুঠ 2500 টকা দাবী কৰি লয় ৷ আনহাতে, বীৰদাউ গয়াৰীৰ পৰা 1500টকা আদায় কৰে ৷ এই কথা বীৰদাউ গয়াৰীয়ে উল্লেখ কৰিছে সংবাদমাধ্যৰ আগত । অভিযোগ অনুসৰি কাজলগাঁৱৰ এইখন জেএচবি অসামৰিক চিকিৎসালয়ত শিশুৰ মৃত্যুৰ হাৰ অতি ভয়ংকৰ । লগতে গোপনে ৰখা হয় নৱজাতকৰ মৃত্যুৰ তথ্য ৷ কিন্তু কেতিয়া তদন্তৰ আওতালৈ চিকিৎসালয় কৰ্তৃপক্ষ সেয়াহে হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: Govt. instructions for Picnic: বনভোজকাৰীয়ে মানিব লাগিব ১৭ টা নিয়ম