চিৰাং, 19 জুনঃ চিৰাং জিলাৰ বিজনীত স্থানীয় ৰাইজে কৰায়ত্ত কৰে এটি মোবাইল চোৰক ৷ বিজনীৰ ২নং ভেটাগাওঁৰ ঘোষ পাৰাৰ পৰা ৰাইজে কৰায়ত্ত কৰে মোবাইল চোৰটোক ৷
ৰাইজে কৰায়ত্ত কৰা চোৰটো সুমন দে বুলি জানিব পৰা গৈছে ৷ ঘোষপাৰা নিবাসী ৰাহুল ঘোষৰ ঘৰত সোমাই এটা মোবাইল ফোন আৰু নগদ ধন চুৰি কৰাৰ পিচতেই ৰাইজে কৰায়ত্ত কৰে চোৰটোক ৷ ইতিমধ্যে ৰাইজে চোৰটোক বিজনী থানাক গটাই দিছে ৷ ৰাহুল ঘোষৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চোৰটোক আটক কৰি সোধা-পোচা অব্য়াহত ৰাখিছে ৷