চিৰাং, 16 জুলাই: বিগত প্ৰায় 18 দিনে বানৰ তাণ্ডৱ অব্যাহত আছে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ যোগীঘোপাৰ কেইবাটাও অঞ্চলত ৷ সম্পূৰ্ণৰূপে বানত জাহ গৈছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 11 খন গাঁও ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সৰ্বস্বান্ত হৈছে গঞা ৰাইজ ৷ লুইতৰ বাঢ়নী পানীত আৱদ্ধ শ শ লোক ৷ আলগা, ঔডুবি আৰু বালাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহুকেইখন গাঁৱত লুইতৰ বাঢ়নী পানীয়ে অতিক্ৰম কৰিছে স্থানীয় লোকৰ ঘৰৰ মুধচ ৷
ইমানৰ পাচতো এই পৰ্যন্ত সেই বানাক্ৰান্ত অঞ্চলসমূহত গৈ উপস্থিত হোৱা নাই কোনো উদ্ধাৰকাৰীৰ দল কিম্বা জন প্ৰতিনিধি ৷ নিৰাপদ আশ্ৰয়স্থলৰ সন্ধানত আহি ভিন্ন শিবিৰত থকা লোক সকলেও পোৱা নাই কোনো ধৰণৰ বান সাহায্য ৷ এই অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ৷ যোৱা তিনিদিনে আশ্ৰয় শিবিৰত থকা 2 শতাধিক লোকৰ মাজত সম্প্ৰতি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ খাদ্য, বিশুদ্ধ খোৱা পানীৰ অভাৱে দেখা দিছে তেওঁলোকৰ মাজত ৷ কেৱল দুখন নাও দি চৰকাৰে দায়িত্ব সামৰি থোৱা বুলি উল্লেখ কৰে স্থানীয় আমছু কৰ্মী আনোৱাৰ হুচেইনে ৷ দুখন নাও দিছে যদিও সেই নাৱৰ বাবে প্ৰয়োজনীয় ইন্ধন চৰকাৰে যোগান ধৰা নাই বুলিও অভিযোগ উত্থাপন কৰে আমছু কৰ্মী গৰাকীয়ে ৷ জিলা প্ৰশাসন তথা চৰকাৰৰ অসচেতনতাৰ বাবে বহু পশুধন ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে ৷ এই পৰ্যন্ত বানাক্ৰান্ত ৰাইজক উদ্ধাৰৰ ক্ষেত্ৰত বা সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কোনো ধৰণৰ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলিও অভিযোগ কৰে আমছু কৰ্মী আনোৱাৰ হুচেইনে ৷ বানাক্ৰান্ত ৰাইজৰ আহ্বান, অতি শীঘ্ৰেই যাতে তেওঁলোকৰ সুৰক্ষাৰ বাবে কোনো বিহীত ব্যৱস্থা গ্ৰহণ কৰে জিলা প্ৰশাসনে ৷
লগতে পঢ়ক: শোচনীয় ৰাজ্যৰ বান পৰিস্থিতিঃ বান-ভূমিস্খলনত মৃত্যু 92 গৰাকীৰ