ETV Bharat / state

NEPLTA strike: IOCL কৰ্তৃপক্ষৰ বিৰুদ্ধে চিৰাঙতো ধৰ্মঘট - Cylinder carrying vehicles stopped in Assam

উত্তৰ-পূৱত LPG ট্রেন্সপ’ৰ্টাৰ এছ’চিয়েশনৰ ধৰ্মঘটৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰিবহণ সেৱা ব্যাহত হৈছে (NEPLTA strike in Chirang)। চিৰাং জিলাতো LPG ট্রেন্সপ’ৰ্টাৰ এছ’চিয়েশনে ধৰ্মঘট অব্যাহত ৰাখিছে । IOCL কৰ্তৃপক্ষই সন্থাক প্ৰৱঞ্চনা কৰাৰ অভিযোগ ।

NEPLTA strike
IOCL কৰ্তৃপক্ষৰ বিৰুদ্ধে চিৰাঙতো ধৰ্মঘট
author img

By

Published : Jul 26, 2022, 12:44 PM IST

চিৰাং, ২৬ জুলাই : উত্তৰ-পূব PACKED LPG ট্রেন্সপ’ৰ্টাৰ এছ’চিয়েশনৰ ধৰ্মঘট অব্যাহত আছে (NEPLTA strike)। সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ৰন্ধন গেছ প্রকল্পৰ পৰিবহণ সেৱা বন্ধ ৰাখিছে সন্থাই । সমগ্ৰ ৰাজ্যৰ লগতে চিৰাঙতো ৰন্ধন গেছ পৰিবহণ সন্থাই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে (LPG transporter Association protest at Chirang)।

ভাৰতীয় তেল নিগমৰ প্ৰৱঞ্চনাৰ প্ৰতিবাদত এই প্ৰতিবাদী ধৰ্মঘটৰ কাৰ্যসূচী সন্থাৰ । ৰন্ধন গেছ পৰিবহণ কৰা প্ৰকল্প সন্থাৰ পৰিবহণৰ ভাড়া ২০১৪ চনৰ পৰা আজিলৈ একেই আছে । অথচ সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে যদিও তেওঁলোকৰ ভাড়া বৃদ্ধি হোৱা নাই । এই বিষয়টোক লৈয়ে যোৱা ২০১৮ চনৰে পৰা ভাৰতীয় তেল নিগমৰ সৈতে বহুবাৰ আলোচনাত মিলিত হৈছে সন্থা ।

NEPLTA strike : IOCL কৰ্তৃপক্ষৰ বিৰুদ্ধে চিৰাঙতো ধৰ্মঘট

কিন্তু আলোচনাৰ কোনো ফল নোহোৱাত প্ৰতিবাদত বহিল সন্থা । ইফালে সন্থাৰ এই ধৰ্মঘটৰ ফলত সমগ্ৰ উত্তৰ-পূৱত ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা আছে । লক্ষণীয়ভাৱে ধৰ্মঘটে দ্বিতীয় দিনত ভৰি দিয়াৰ পাছতো ভাৰতীয় তেল নিগমে এতিয়ালৈ কোনো সঁহাৰি দিয়া নাই ।

ইফালে গেছ চিলিণ্ডাৰ পৰিবহণৰ বাবে বাহনৰ চলাচল বন্ধ হৈ যোৱাৰ ফলত ৭ টা বটলিং প্লান্ট সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ধৰ্মঘটৰ বাবে তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, মিৰ্জা, উত্তৰ গুৱাহাটীত থকা ৰন্ধন গেছৰ বটলিং ফেক্টৰীসমূহলৈ গেছ পৰিবহণত ব্যাঘাত জন্মিছে ।

লগতে পঢ়ক :LPG cylinder Crisis in Guwahati: ৰাজ্যত পুনৰ ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.