চিৰাং, 18 ছেপ্তেম্বৰ : ক’ভিড-১৯ মহামাৰীৰ বাবে অনিৰ্দিষ্ট কাললৈ বিটিচিৰ পৰিষদীয় নিৰ্বাচন স্থগিত হ’লেও ৰাজনৈতিক দল সমূহে কিন্তু চলাই গৈছে নিজ নিজ দলৰ নিৰ্বাচনী প্ৰচাৰ । চিৰাং জিলাৰ 19 নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাজদহা পুথিভড়ালৰ সন্মুখত শুকুৰবাৰে ইউপিপিএল দলৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় ।
সভাত উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় সম্পাদক ফণিন বড়োৱে কয় যে, 19 নং থুৰিবাৰী সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থীক 7 হাজাৰ বড়ো ভোটেৰে জয় হোৱাটো নিশ্চিত হৈ পৰিছে ৷ গতিকে আজিৰে পৰা ফটকা ফুটাই বিজয় উৎসৱ পালন কৰিব পাৰে ৰাইজে ।
আনহাতে সভাত উপস্থিত থকা 14 নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিৎ বসুমতাৰী (বি আৰ ফেৰেংগা এনডিএফবি (স)ৰ সম্পাদক) য়ে সভাত নিজ ভাষণত কয়, বিটিচিত বিগত সময়ছোৱাত অবাধ দুৰ্নীতি সংঘটিত কৰিছে বিপিএফ চৰকাৰে । বিটিচিত এইবাৰ ইউপিপিএল দলৰ চৰকাৰ আহিলে হাগ্ৰামা মহিলাৰী জেলত যাব লাগিব ৷ গতিকে সেয়ে নিজৰ দল বিপিএফক জয়ী কৰোৱাৰ উদ্দেশ্যে হাগ্ৰামা মহিলাৰীয়ে বহু আবোল তাবোল বকিছে ।
বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টিৰ মিত্ৰতা প্ৰায় চূড়ান্ত পৰ্যায়ত বুলিও কয় বসুমতাৰীয়ে । 17নং সুবাইঝাৰ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী গুনেশ্বৰ গয়াৰীৰ লগতে সভাত উপস্থিত থাকে ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মইনুল হক্ আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়ো খুহুতীয়া অভিনেতা তথা ইউপিপিএল দলৰ সম্পাদক ফোইলা জে বৰগয়াৰী ।
ইউপিপিএল দলৰ মহিলা কোষৰ সভানেত্ৰী বিনা গয়াৰীও সভাত উপস্থিত থাকি নিজৰ দলীয় প্ৰাৰ্থী আবু ছায়েদ আনছাৰীৰ হৈ প্ৰচাৰ চলায় ।ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতো চিৰাং জিলাৰ বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ আছে নিৰ্বাচনী সভা । কি ইউপিপিএল,কি বিজেপি,বিপিএফ,গণ সুৰক্ষা দল কোনো এটা ৰাজনৈতিক দলেই পিচ পৰি থকা নাই এই ক্ষেত্ৰত। সকলোৱে বিটিচিৰ পৰিষদ দখলৰ বাবে চলাই গৈছে নিজৰ-নিজৰ দলৰ প্ৰচাৰ কাৰ্য ।
লগতে চাওক-অসমৰ বাঁহ শিল্পক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস এগৰাকী যুৱকৰ