চিৰং, 2 এপ্ৰিল : "হাগ্ৰামা-বাথাৰ সম্পৰ্কৰ প্ৰমাণ দিব হিমন্ত বিশ্ব শৰ্মাই ৷ আজমল সৈতে লগলাগি সকলোকে বাংলাদেশলৈ খেদুওৱা ষড়যন্ত্ৰ ৰছিচে হাগ্ৰামাই ৷" এই মন্তব্যৰে আজি চিৰাঙত প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই ৷
শুকুৰবাৰে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় হিমন্ত বিশ্ব শৰ্মাই ৷ ৩১ নং চিদলী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত হিমন্তই কলে, হাগ্ৰামা-বাথাৰ সম্পৰ্কৰ সকলোবোৰ প্ৰমাণ তথ্য সহকাৰে নিৰ্বাচন আয়োগক দাখিল কৰা হ'ব ৷
এই প্ৰচাৰ কালতো আজমলৰ নাম ল'বলৈ নাপাহৰিলে ড৹ শৰ্মাই ৷ ক'লে, হাগ্ৰামা মহিলাৰী আৰু বদৰুদ্দিন আজমল এতিয়া লগ লাগিছে অসমীয়া বঙালী সকলোকে বাংলাদেশলৈ খেদিবলৈ ৷ ইফালে অজিত কুমাৰ ভূঞাৰ ধৰ্মৰ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক: উৰিষ্যা কংগ্ৰেছৰ উপাধ্যক্ষ প্ৰদীপ মাঝিৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ