চিৰাং, 21 মেঃ চিৰাঙৰ কাজলগাঁৱস্থিত জে এচ বি চিকিৎসালয়ত মঙলবাৰে উপস্থিত হয় অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা ৷
চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ অভাৱসমূহ পূৰণৰ আশ্বাস দিয়ে ৷ চিকিৎসক নিযুক্তি, চিকিৎসা কৰ্মীৰ নিযুক্তিকে ধৰি অন্যান্য সুবিধাসমূহ শীঘ্ৰেই উপলব্ধ হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্যযোগ্য যে চিৰাঙৰ কাজলগাঁৱত অসমৰ ভিতৰতে প্ৰথমখন চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় হিচাপে স্থাপন কৰা হৈছিল জে এচ বি অসামৰিক চিকিৎসালয় ৷ হাজৰিকাৰ এই ভ্ৰমণত সংগ দিয়ে মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যবাহী সঞ্চালক অচ্যুত বৈশ্যৰ লগতে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়াসকলে ৷