ETV Bharat / bharat

ধোঁৱাৰ আচ্ছাদন দিল্লীত; ওচৰতে থকা বস্তুও ধৰিব নোৱৰা পৰিৱেশ - DELHI POLLUTION

শুকুৰবাৰে পুৱা ড্ৰোণ কেমেৰাত বন্দী হোৱা দৃশ্যত কালিন্দী কুঞ্জৰ যমুনা নদীত বিষাক্ত ফেনৰ ডাঠ আৱৰণ ওপঙি থকা দেখা গৈছে ।

Delhi Pollution
ধোঁৱাৰ আচ্ছাদনত দিল্লী (ANI)
author img

By ANI

Published : Nov 8, 2024, 2:11 PM IST

নতুন দিল্লী : দেৱালীৰ পিছত একেৰাহে অষ্টম দিনৰ বাবে শুকুৰবাৰেও দিল্লী ধোঁৱাৰ আচ্ছাদনত । লগতে ৰাষ্ট্ৰীয় ৰাজধানীৰ বায়ুৰ গুণমান 'অতি শোচনীয় শ্ৰেণী'ত অব্যাহত আছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চি পি চি বি) তথ্য অনুসৰি, দিল্লীত বায়ু গুণমান সূচক (এ কিউ আই) শুকুৰবাৰে পুৱা ৮ বজালৈকে ৩৮৩ ৰেকৰ্ড কৰা হয় । ইয়াক 'অতি শোচনীয়' হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে ।

চি পি চি বিৰ মতে, চৌপাশৰ এলেকাবোৰত এ কিউ আই 349 লৈ হ্ৰাস হোৱাৰ ফলত তিলক মাৰ্গত দৃশ্যমানতাৰ অধিক অৱনতি ঘটা দেখা যায় । আলিপুৰত ৩৯৭, বাৱানাত ৪৪০, দ্বাৰকা ছেক্টৰ ৮ত ৩৯১, মুণ্ডকাত ৪২৮, নজফগড়ত ৩৭৪, নিউ মতিবাগত ৪২৭, ৰোহিণীত ৪৩৯, পাঞ্জাৱী বাগত ৪০৬ আৰু আৰ কে পুৰমত ৪০৬ ৰেকৰ্ড কৰা হৈছে । এই সকলোবোৰ অঞ্চলত অতি শোচনীয় বায়ুৰ গুণমান স্তৰৰ কথা উল্লেখ কৰা হৈছে । যাৰ ফলত স্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি আহিছে । ইফালে দিল্লীৰ কালিন্দী কুঞ্জ অঞ্চলৰ যমুনা ঘাটত ষট পূজাৰ অন্তিমদিনা ভক্তসকলে সূৰ্য প্ৰণাম কৰে ।

Delhi Pollution
কালিন্দী কুঞ্জৰ যমুনা নদীত বিষাক্ত ফেন (ANI)

শুকুৰবাৰে পুৱা ৬.৫৫ বজাত ড্ৰোণ কেমেৰাত বন্দী হোৱা দৃশ্যত কালিন্দী কুঞ্জৰ যমুনা নদীত বিষাক্ত ফেনৰ ডাঠ আৱৰণ ওপঙি থকা দেখা গৈছে । কিয়নো নদীখনত প্ৰদূষণৰ স্তৰ অতি উচ্চ হৈ আছে । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ষট পূজাৰ তৃতীয় দিনটোত ভক্তসকলে কালিন্দী কুঞ্জৰ বিষাক্ত ফেনভৰ্তি যমুনা নদীৰ পানীত থিয় হৈ অস্তগামী সূৰ্যক 'অৰ্ঘ্য' আগবঢ়াইছিল ।

ইয়াৰ পৰিপ্ৰেক্ষিতত যমুনা নদীৰ পাৰত ষট পূজা কৰাৰ অনুমতি বিচাৰি এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন (পি আই এল) দাখিল কৰা হৈছিল । এই আবেদনত অনুষ্ঠানটোৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনোৱা হয় ।

অৱশ্যে দিল্লী উচ্চ ন্যায়ালয়ে যমুনা নদীৰ গুৰুতৰ প্ৰদূষণৰ কথা উল্লেখ কৰি কোনো নিৰ্দেশনা জাৰি কৰিবলৈ অস্বীকাৰ কৰে ।

দিল্লীৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই কথাত জোৰ দি কয় যে এই নদীত মানুহক পূজা কৰিবলৈ অনুমতি দিয়াৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে । শেহতীয়াকৈ এজন ব্যক্তিয়ে প্ৰদূষিত পানীত ডুবিওৱাৰ পিছত অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগা হোৱা ঘটনাৰ কথা উল্লেখ কৰি এই কথা কয় ।

ন্যায়ালয়ে লগতে উল্লেখ কৰে যে পূজাৰ বাবে প্ৰায় ১,০০০ বিকল্প স্থান নিৰ্ধাৰণ কৰা হৈছে । তাত পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে । ফলস্বৰূপে আবেদনখন খাৰিজ কৰা হয় ।

Delhi Pollution
নদীৰ প্ৰদূষিত পানীত নামিয়েই ষট পূজাৰ ৰীতি-নীতি পালন (ANI)

উল্লেখ্য যে এ কিউ আই '200 আৰু 300'ৰ মাজত থাকিলে 'শোচনীয়', '301 আৰু 400'ত 'অতি শোচনীয়', '401-450 ত 'গুৰুতৰ' আৰু 450 আৰু অধিক হ'লে "গুৰুতৰৰ অধিক' হিচাপে গণ্য কৰা হয় । দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰদূষণৰ স্তৰ বৃদ্ধিৰ বিষয়ত সংশ্লিষ্ট বিভাগসমূহৰ সৈতে এখন বৈঠকত মিলিত হয় ।

লগতে পঢ়ক :গাঁওৰক্ষী বাহিনীৰ দুই সদস্যক অপহৰণ কৰি হত্যা; ন্যায় বিচাৰি ৰাইজৰ প্ৰতিবাদ
লগতে পঢ়ক :দিল্লী জল বোৰ্ডৰ আজৱ কাণ্ড; ৮ মাহত আহিল ১০ লাখ টকাৰ পানীৰ বিল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.