মঙলদৈ: চৰকাৰী বিদ্যালয় নহয় যেন উদ্যান অথবা বাগিচাহে ! দৰঙৰ দলগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ দৃশ্য দেখিলে আপুনিও হ'ব মন্ত্ৰমুগ্ধ । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিদ্যালয়খনত নাই কি ? ব্যক্তিগত বিদ্যালয়তকৈ এখোজ আগবঢ়া বিদ্যালয়খনে সম্প্ৰতি লাভ কৰিছে সৰ্বত্ৰে চৰ্চা ।
আমি উল্লেখ কৰা এই বিদ্যালয়খন হৈছে দৰঙৰ দলগাঁও শিয়ালমাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৪ নং বৰুৱাঝাৰ দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয় ৷ ২০০৬ চনত স্থাপিত হোৱা এই প্ৰাথমিক বিদ্যালয়খনৰ এই দৃষ্টিনন্দন দৃশ্যই আকৰ্ষিত কৰিছে সকলোকে ।
বিদ্যালয়খনৰ চাফ-চিকুণতা, এশিঙীয়া গঁড় সংৰক্ষণ, বৰটোকোলা সংৰক্ষণৰ সজাগতা সৃষ্টিৰে প্ৰতীকী গঁড় আৰু বৰটোকোলা স্থাপন, বিদ্যালয়খনৰ বেৰত থকা জাতীয় সংস্কৃতিৰ ছবি, সৌৰজগত, বৰ্ণমালা, মহৎলোকৰ বাণী, কবিতা, CCTV কেমেৰা, অকণিৰ ৰংগমঞ্চ, প্লাষ্টিক-ধূমপান নিষিদ্ধ নেমপ্লেট, চাৰিওফালে সেউজীয়া পৰিৱেশ আদিয়ে সকলোকে আকৰ্ষিত কৰিছে ।
বিদ্যালয়খনৰ এনে দৃষ্টিনন্দন পৰিৱেশৰ মাজতে কণ-কণ শিশুৱে লৈছে জীৱনৰ প্ৰাথমিক শিক্ষা । কিন্তু সম্প্ৰতি বিদ্যালয়খনত অভাৱ হৈছে শ্ৰেণী কোঠাৰ ৷ যাৰ ফলত এটা শ্ৰেণী কোঠাতে দুটাকৈ শ্ৰেণীৰ পাঠদান কৰি থাকিব লগীয়া হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷
ইপিনে বিদ্যালয়ত শিক্ষকৰ অভাৱত শিক্ষাৰ্থীয়ে কৰিবলগীয়া হৈছে নাম হাজিৰা, দিছে পাঠদান । বিদ্যালয়খনত প্ৰায় ২০০ শিক্ষাৰ্থীৰ বিপৰীতে আছে মাথোঁ দুগৰাকী শিক্ষক । পূৰ্বতে বিদ্যালয়খনত চাৰিগৰাকী শিক্ষক আছিল যদিও দুগৰাকী শিক্ষক হস্তান্তৰ হোৱাৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণত বহু অসুবিধাৰ সন্মুখীন হৈছে ।
উল্লেখযোগ্য যে, বিদ্যালয়খনৰ সৌন্দৰ্য আৰু শৈক্ষিক পৰিৱেশো উন্নত । প্ৰত্যেক বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড পাই আহিছে বিদ্যালয়খনে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক উৱাজ উদ্দিন আহমেদৰ সপোন, শাৰীৰিক কষ্ট, আৰ্থিক বিনিয়োগৰ ফলত প্ৰাণ পাই উঠা বিদ্যালয়খনক লৈ সম্প্ৰতি সকলোৱে প্ৰশংসা কৰিছে ।