ETV Bharat / state

চিৰাঙত হোম কোৱাৰেণটাইন হৈ আছে ১৮৩৭ জন লোকঃ হিমন্ত বিশ্ব শৰ্মা - covid-19

চিৰাঙত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । জিলাখনত মুঠ ১৮৩৭ জন লোকক গৃহবন্দী কৰি ৰখা হৈছিল । আটাইকেইজনে ইতিমধ্যে ১৪ দিন অতিক্ৰম কৰে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

চিৰাং
চিৰাঙত হোম কোৱাৰেণটাইন হৈ আছে ১৮৩৭ জন লোকঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Apr 9, 2020, 9:48 PM IST

চিৰাং, ৯ এপ্ৰিলঃ চিৰাং জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী জনে কয় যে- চিৰাং জিলাত পাঁচ গৰাকী লোকক বৰ্তমান চিকিৎসালয়ত কোৱাৰেন্টাইন কৰি ৰখা হৈছে । ইয়াৰে দুজনৰ নিগেটিভ ওলোৱাত তেওঁলোকক যাব দিয়া হ'ব লগতে আন তিনিজনৰ ৰিপোৰ্ট বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত আহি পাব । তেওঁলোকৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা লোৱা হ'ব । চিৰাং জিলাত মুঠ ১৮৩৭ জন লোকক গৃহবন্দী কৰি ৰখা হৈছিল । আটাইকেইজনে ইতিমধ্যে ১৪ দিন অতিক্ৰম কৰিছে ।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় - কোৱাৰেণটাইন কৰা ব্য়ক্তিকেইজনৰ এএনএম, এমপিডব্লিউ আৰু আশা বাইদেউ সকলে তেওঁলোকৰ ঘৰত গৈ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰি আছে । কোনো ব্যতিক্ৰম নাথাকিলে কোৱাৰেণটাইন কৰা ব্য়ক্তিকেইজনক মুকলি কৰাৰ ব্যৱস্থা কৰা হ'ব । অসমত মুঠ ৭৪ হেজাৰ লোকক ঘৰত ৰাখি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছিল । শুকুৰবাৰৰ ভিতৰত কোনো ব্যতিক্ৰম নথকা লোক সকলক মোকলাই দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি কয় স্বাস্থ্য মন্ত্ৰী জনে । চিৰাঙত COVID-19ৰ চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজৰ পৰা অভিজ্ঞ চিকিৎসক সকলে আহি চিকিৎসা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বুলিও সদৰী কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

আনহাতে, অসমত বৰ্তমান ২৯ জন COVID-19 পজিটিভ ৰোগী আছে । ইয়াৰে হাইলাকান্দিৰ ৰোগীজন সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি কৰা হৈছে বুলি সদৰী কৰে হিমন্ত বিশ্ব শৰ্মাই । লক ডাউনৰ বিষয়ে প্ৰধান মন্ত্ৰীয়ে সকলো মুখ্যমন্ত্ৰীৰ সৈতে অহা ১১ এপ্ৰিল মত বিনিময় কৰিব আৰু তাৰ পিচতে ৰাষ্ট্ৰৰ উদ্দেশ্যে ভাষন দিব বুলি মন্তব্য কৰে । প্ৰধান মন্ত্ৰীৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে মানি লব বুলি স্পষ্ট কৰি দিয়ে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

লগতো কয়, প্ৰধান মন্ত্ৰী জন ধন আঁচনিৰ জড়িয়তে পাঁচশ কৈ টকা আই মাতৃ সকলৰ একাউন্টত দিয়া হৈছে । সেই টকা ঘূৰাই লোৱা নহয় । গতিকে টকা উঠাবলৈ এতিয়াই বেংকলৈ দৌৰাদৌৰি কৰিব নালাগে। বিদ্যালয় আৰু কলেজ সমুহ খুব সোনকালে খুলিব পৰা নাযাব । গৰমৰ বন্ধৰ সৈতে এই বন্ধ মিলাই লোৱা হব বুলি স্পষ্ট কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাই । ঘৰতে ছাত্ৰ-ছাত্ৰী সকলক ইউটিউব, টিভিৰ জড়িয়তে চৰকাৰে শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰিছে বুলি সদৰী কৰে । আগন্তু ১৪ এপ্ৰিলত লক ডাউন শেষ নহলে চৰকাৰে ডিজিটেল পাঠদানৰ ব্যৱস্থা লব বুলিও সদৰী কৰে ।

তাৰোপৰি, COVID-19 ৰ টেষ্টৰ বাবে কিট টেষ্টৰ ব্যৱস্থা কৰা হৈছে আই চি এম আৰৰ মতে । এই কিট সমুহৰ বাবে পাঁচটা কোম্পানীক দায়িত্ব দিয়া হৈছে । কিন্তু কোম্পানীবোৰে এপ্ৰিলৰ শেষৰ পিনেহে দিব পাৰিব বুলি জনায় মন্ত্ৰীজনে। অসম চৰকাৰে এক লাখ কিট কিনাৰ ব্যৱস্থা কৰিছে । কোম্পানীবোৰৰ সেউজ সংকেত নোপোৱাৰ বাবে ৰাজ্য চৰকাৰ অসুবিধাত আছে । লক ডাউনৰ সময়ত কৃষক সকলে সকলো কাম কৰিব পাৰিব,মাছো মাৰিব পাৰিব কিন্ত সামাজিক দুৰত্ব ৰক্ষা কৰিহে । বজাৰ বন্ধ হোৱাত কৃষক সকলে বিপদত পৰিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে অন্যান্য আঁচনিৰ দৰেই কৃষক সকলৰ বাবেও আঁচনি গ্ৰহন কৰি ব্যৱস্থা গ্ৰহন কৰিব বুলি সদৰী কৰে হিমন্ত বিশ্ব শৰ্মাই ।

ইতিমধ্যে এই মাহত প্ৰধান মন্ত্ৰী কৃষক সন্মান আঁচনিৰ অধিনত প্ৰতিজন কৃষকৰ বাবে দুহেজাৰ টকা মোকলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জনায় মন্ত্ৰী হিমন্তই । লগতে কয় যে, বিটিচিৰ নিৰ্বাচনী আচৰন বিধি বলবৎ হৈ থকাৰ বাবে কিছু অসুবিধা হৈছে যদিও নিৰ্বাচনী আচৰন বিধি বলবৎ হোৱাটোও সচা,বিটিচিৰ কাৰ্যকালো শেষ পাইছে । গতিকে এই ক্ষেত্ৰত ৰাজ্যপাল আৰু চৰকাৰে দুই এদিনতে এক সুস্থিৰ সিদ্ধান্ত গ্ৰহন কৰিব বুলি স্পষ্ট ভাৱে জনায় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ পৰা চিৰাঙত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । লগত থাকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী, ৰাজ্যিক স্বস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা আৰু পৰ্য্যটন তথা চিৰাং জিলাৰ দায়িত্বত থকা মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰী । মন্ত্ৰী জনে চিৰাঙত উপস্থিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ লগতে সকলো বিভাগৰ সৈতে এক গুৰুত্বপুৰ্ণ সভাত মিলিত হয় আৰু জিলাখনৰ পৰিস্থিতিৰ বুজ লয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.