চিৰাং, 21 জুন : চিৰাং জিলা (Chirang District)ৰ সামগ্ৰীক পৰিস্থিতি তথা আগন্তুক বানত যাতে ৰাইজৰ বিস্তৰ ক্ষতিসাধন নহয় তাৰবাবে দেওবাৰে জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে হস্ততাঁত বস্ত্ৰ তথা জনজাতি উন্নয়ন মন্ত্ৰী (handloom and Textile Minister) উৰ্খাও গৌৰা ব্ৰহ্মই। মন্ত্ৰীগৰাকীয়ে চিৰাঙৰ কেবাটাও জলসিঞ্চল প্ৰকল্প আৰু নদীবান্ধৰ কামৰ বুজ লোৱাৰ লগতে বাৰিষাৰ পূৰ্বেই আধৰুৱা সকলো কাম সম্পূৰ্ণ কৰা হ'ব বুলি মন্তব্য কৰে ৷ চিৰাঙৰ বিজনী ঝাৰবিষপানীত ধলা নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে বিজনী মহকুমাৰ অন্তৰ্গত ১নং বিষ্ণুপুৰ ঝাৰবিষপানী ধলা নৈত নিৰ্মাণ হোৱা বান্ধৰ কামৰো বুজ লয় মন্ত্ৰী ব্ৰহ্মই ।
উল্লেখ্য যে, বিগত ধলা নৈ (Dhola River)ৰ বানে জিলাখনৰ ৰাস্তা-ঘাটৰ লগতে বহুলোকৰ ঘৰ-দুৱাৰ তথা সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন কৰিছিল । এইবেলি যাতে ধলা নৈৰ গৰাখহনীয়া তথা বান পৰিস্থিতিৰ স্থায়ী সমাধান কৰাৰ লগতে ৰাইজৰ সা-সম্পত্তিৰ নিৰাপত্তা দিব পাৰি তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই। ইয়াৰ পিচতে চিৰাঙৰ স্যামথাইবাৰী, সুবাইঝাৰ, বেংতল,শান্তিপুৰ আদি কেবাঠাইত ভ্ৰমন কৰি বান আৰু গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী জনে ।
সুবাইঝাৰৰ মুগা উৎপাদন কেন্দ্ৰও ভ্ৰমন কৰি কয় যে, পূৰ্বৰ চৰকাৰৰ দিনত বহুতো কাম সফলভাৱে হৈছে যদিও তাৰ বিপৰিতে বহু কাম ৰৈ গৈছে ।
ভূটান(BHUTAN)ৰ পৰা নামি অহা বাঢ়নি পানীয়ে বহু ঠাইত উল্টা খন্দা কৰি কৃষিভূমিৰ ব্যাপক ক্ষতি সাধন কৰিছে । কৃষিখণ্ডৰ এই ক্ষতি পুনৰ ঠিক কৰাটো বৰ জটিল কাম । যদিও চৰকাৰে নতুন পৰিকল্পনাৰে এই ক্ষেত্ৰত ৰাজ্যচৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে । তাৰোপৰি বিগত বানত বৰপেটা আৰু বাক্সা জিলাত অধিক ক্ষতি হৈছে যদিও তাৰ তুলনাত চিৰাঙত বহু কম বুলিও কয় মন্ত্ৰী জনে ।
ইফালে অভিভাৱক মন্ত্ৰী হিচাবে মুখ্যমন্ত্ৰীয়ে দ্বায়িত্ব দিয়াত তেওঁ জিলা সমূহৰ পুংখানুপংখভাৱে পৰ্যালোচনা কৰি আছে যাতে আগন্তুক বিধানসভা অধিৱেশনত দীৰ্ঘম্যাদি আঁচনিৰ বাবে বাজেট উত্থাপন কৰিব পৰা যায় । অসমৰ বান-গৰাখহনীয়া অসমৰ দৰে ৰাজ্য এখনে মুখামুখি হোৱা বা সমাধান কৰাটো সম্ভৱ নহয় এয়া ৰাষ্ট্ৰীয়ভাৱেহে সম্ভৱ হ'ব বুলিও কয় মন্ত্ৰী ব্ৰহ্মই।
বান পানীৰ সময়ত যাতে জনসাধাৰণৰ ক্ষতি নহয় তাৰ বাবে প্ৰতিজন অভিভাৱক মন্ত্ৰীক বানাক্ৰান্ত জিলাতে থকাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে । গতিকে তাৰেই অংশ হিচাপে বান নিয়ন্ত্ৰণ আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাম পৰ্যবেক্ষন কৰা হৈছে ৷
মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত বিজনীৰ বিধায়ক (MLA) অজয় কুমাৰ ৰয়, ১৮ নং মানাস ছেৰফাং সমষ্টিৰ পৰিষদীয় সদস্য (EM) ধনঞ্জয় বসুমতাৰীৰ লগতে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী,ইউপিপিএল (UPPL) ৰ কাৰ্যকৰি সভাপতি ৰণগৌৰা নাৰ্জাৰী,জল সম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী লগতে ৰেচম বিভাগৰ শীৰ্ষ বিষয়া সকলো উপস্থিত থকা দেখিবলৈ পোৱা যায়।
লগতে পঢ়ক-কংগ্ৰেছত ধুমুহা: অৱশেষত পদত্যাগ কৰিলে দিলীপ শৰ্মাই