চিৰাং,29 জানুৱাৰী: চিৰাং জিলাৰ বিজনী মহকুমাৰ অধীনৰ কয়লা ময়লাত শুকুৰবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আদৰ্শ মহাবিদ্যালয় এখনৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে আয়োজিত সভাত উপস্থিত থাকি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে, বিটিআৰ অঞ্চলৰ প্ৰধান সমস্যা হৈছে যাতায়ত, নদীৰ গৰাখহনীয়া, স্বাস্থ্য ব্যৱস্থা আৰু ভূমিৰ অধিকাৰ ৷ লগতে তেঁও শিক্ষা, ক্ৰীড়া, সংস্কৃতি ৰক্ষাৰে মানৱ সম্পদ গঢ়ি পৰিকল্পিত কাম কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে । আনহাতে পাঁচ বছৰৰ ভিতৰত বিটিআৰ অঞ্চলৰ উন্নয়ন সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কোকৰাঝাৰত ইতিপূৰ্বে চৰকাৰী মহাবিদ্যালয় স্থাপন হোৱাৰ পাছত দ্বিতীয়খন চৰকাৰী মহাবিদ্যালয় কয়লা ময়লাত স্থাপন কৰা হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
পৰৱৰ্তী সময়ত তামুলপুৰ আৰু ওদালগুৰিতো দুখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপন কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, চিৰাঙৰ কয়লা ময়লাৰ লন্ঠিবাৰীত স্থাপন হ'বলগীয়া নিছিমা আদৰ্শ মহাবিদ্যালয় খন আগন্তুক 18 মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পাছতে কলা আৰু বিজ্ঞান শাখাৰ মহাবিদ্যালয় খনৰ শিক্ষা বৰ্ষ আৰম্ভ হ'ব ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত বিটিআৰৰ চল্লিশটা সমষ্টিতে একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলিও মন্তব্য কৰে ।
আনহাতে সভাত উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমিৰ পট্টা প্ৰদান কৰি যুগান্তকাৰী কাম কৰাৰ বিপৰীতে একাংশ লোকে উচ্ছদ কৰিব বুলি প্ৰচাৰ চলোৱা কাৰ্যৰ বিৰোধিতা কৰে ৷ লগতে কয়লা ময়লাত এখন উচ্চ শিক্ষানুষ্ঠান স্থাপনে অঞ্চলটোলৈ আমূল পৰিৱৰ্তন আনিব বুলি মত ব্যক্ত কৰে ৷ ভাষণ প্ৰসংগত প্ৰমোদ বড়োৱে কয় যে, বিটিচিৰ 17 বছৰৰ শাসকীয় বিপিএফ দলে শিক্ষানুষ্ঠান অনাত ব্যৰ্থ হৈছে ৷ নিছিমা অঞ্চলৰ শিক্ষাৰ্থী সকলে বিজনী আৰু বঙাইগাঁও মহাবিদ্যালয়ত প্ৰায় 25 কিলোমিটাৰ পথ অতিক্ৰম কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল ৷ বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চললৈ শান্তি ঘূৰি অহাৰ পাছত বিটিচি প্ৰশাসনে সকলো জাতি গোষ্ঠীৰ মাজত উন্নয়নৰ কাম কৰিবলৈ আগবাঢ়িছে ৷ লগতে এতিয়া বিটিআৰত উত্তৰ অঞ্চলৰ পৰা উন্নয়নৰ কাম আৰম্ভ কৰিব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷
ইফালে সভাত উপস্থিত থাকি এতিয়াৰে পৰা বিটিআৰত উচ্চ মানদণ্ডৰ শিক্ষানুষ্ঠান আৰু শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব বুলি মন্তব্য কৰে বিটিচিৰ কাৰ্যবাহী সদস্য বি ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীয়ে ৷ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত ইউ পি পি এল দল কেতিয়াও পিছুৱাই নাযায় বুলি মন্তব্য কৰে ফেৰেংগাই ৷ অশান্তময় পৰিৱেশৰ অন্ত পৰি এতিয়া বিটিআৰত কেৱল উন্নয়ন হ'ব বুলি মন্তব্য কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷
লগতে পঢ়কঃ হাইকমাণ্ডৰ দৃষ্টিত গুৰুত্ব বৃদ্ধি পাইছে সাংসদ গৌৰৱ গগৈৰ