চিৰাং, ২৯ মে' চিৰাং জিলাৰ বিজনীত শুকুৰবাৰে উচ্চ ক্ষমতাৰ বিদ্যুতৰ তাৰৰ সংস্পৰ্ষত আহত হয় এটা সোণালী বান্ধৰ । বিজনীৰ ৩ নং ৱাৰ্ডৰ আমগুৰি কলনীত সংঘটিত হয় এই ঘটনা । বিদ্যুৎপৃষ্ট সোণালী বান্দৰটো অচেতন হৈ পৰি থকাত স্থানীয় লোকৰ সুশ্ৰুষাত পুনৰ সুস্থ হৈ উঠে আৰু তাৰ পৰা গুচি যায় বান্দৰটো । কিন্তু বান্দৰটো কৰ পৰা আহিল আৰু কলৈ গ'ল সেই বিষয়ে বৰ্তমানেও অজ্ঞাত স্থানীয় লোকসকল ।
অসমৰ আপুৰুগীয়া তথা দুষ্প্ৰাপ্য সোণালী বান্দৰটোৰ সুশ্ৰুষা বাবে আগবাঢ়ি অহা স্থানীয় ৰাইজক প্ৰকৃতি প্ৰেমীৰ লগতে বন বিভাগৰ লোকেও ধন্যবাদ জনায় ।