ETV Bharat / state

চিৰাঙত ৰহস্যজনক মৃত্য়ু বনকৰ্মীৰ - উৎপল বৰ্মন নামৰ এজন ফৰেষ্ট গাৰ্ডৰ ৰহস্য জনক মৃত্য়ু

চিৰাঙৰ পানবাৰীত উৎপল বৰ্মন নামৰ এজন ফৰেষ্ট গাৰ্ডৰ ৰহস্য জনক মৃত্য়ু । পানবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত চিপ লোৱা অৱস্থাত উদ্ধাৰ ফৰেষ্ট গাৰ্ডজনক । ফৰেষ্ট গাৰ্ডজনক বিভাগে মানসিক-শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ পৰিয়ালৰ ।

চিৰাঙত ৰহস্যজনক মৃত্য়ু বনকৰ্মীৰ
চিৰাঙত ৰহস্যজনক মৃত্য়ু বনকৰ্মীৰ
author img

By

Published : Jan 31, 2021, 3:40 PM IST

চিৰাং , ৩১ জানুৱাৰী : চিৰাঙৰ পানবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত এগৰাকী ফৰেষ্ট গাৰ্ডৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা সংঘটিত হয় । উৎপল বৰ্মন নামৰ ফৰেষ্ট গাৰ্ড জন জিলাখনৰ চিদলীৰ বাসিন্দা আছিল । ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰিছে ।

উল্লেখ যে ফৰেষ্ট গাৰ্ড উৎপল বৰ্মন মানাহৰ গাভৰুখুন্দা বিটত কৰ্মৰত আছিল । তাতেই কেইজনমান সতীৰ্থৰ সৈতে যোৱা ৪ জানুৱাৰীত এটা পহু হত্যা কৰি ভোজ খোৱাৰ এক অভিযোগ উত্থাপন হৈছিল । এই অভিযোগৰ পিছতে বিভাগীয় তদন্তৰ সন্মুখীন হৈছিল অভিযুক্ত বন কৰ্মী কেইজন । শনিবাৰে মানাহৰ বন্য প্ৰাণী সুৰক্ষা বিভাগৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাৰ কাৰ্য্যালয়ত তদন্তৰ বাবে মাতিছিল উৎপল বৰ্মনসহ বনকৰ্মী কেইজনক । কিন্তু এই তদন্তৰ সময়ত তেওঁলোকক মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বনকৰ্মীজনৰ পৰিয়ালে ।

চিৰাঙত ৰহস্যজনক মৃত্য়ু বনকৰ্মীৰ

আনকি নিশা পৰিয়ালৰ লোকৰ সৈতেও যাবলৈ দিয়া হোৱা নাছিল বনকৰ্মী কেইজনক । পানবাৰী বনাঞ্চলিক বিষয়া অভিজিত দুৱৰাৰ তত্বাৱধানত নিশা ৰখা হৈছিল আটাইকেইজনকে । পৰিয়ালৰ অভিযোগ মতে উৎপলৰ মোবাইল ফোনটো বনাঞ্চলিক বিষয়াজনে লৈ গৈছিল । ইফালে মাজনিশা উৎপল বৰ্মনক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰি পৰিয়ালক খবৰ দিয়া হয় । পৰিয়ালে অভিযোগ কৰা মতে এয়া পূৰ্বপৰিকল্পিত হত্য়াকাণ্ড । যাৰ বাবে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দাবী কৰিছে উৎপল বৰ্মনৰ পৰিয়ালে ।

ইফালে পানবাৰী বনাঞ্চলিক বিষয়া অভিজিত দুৱৰাই কয় যে বনকৰ্মীকেইজনৰ মাজত অত্য়াধিক মাৰপিত হৈছিল । এই সন্দৰ্ভত এক তদন্ত অব্য়াহত আছিল তদন্তৰ মাজতে বন্য প্ৰাণী সুৰক্ষা বিভাগৰ সঞ্চালকে নিজে মাতি সোধপোচ কৰিছিল বনকৰ্মী কেইজনক ।

কিন্তু এই ঘটনাক সহজ ভাৱে লব পৰা নাই তেওঁৰ পৰিয়াল লগতে একাংশ স্থানীয় লোকে । বহুতে আত্মহত্য়া বুলি কলেও একাংশই ইয়াৰ আৰত আন ৰহস্য় সোমাই থকাৰ দাবী কৰিছে । পানবাৰী আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ কাজলগাঁওৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :ইন্ডফিল উদ্যোগৰ নতুন কীটনাশক ঔষধৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.