ETV Bharat / state

বানপানীত যোগীঘোপা অঞ্চলৰ বিস্তৰ ক্ষতি, বানত আৱদ্ধ আৰক্ষী চকী - মাজেৰ আলগা নদী আৰক্ষী চকী

ভয়ংকৰ বানপানীৰ কৱলত পৰিছে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বৃহত্তৰ যোগীঘোপা অঞ্চল ৷ জিলাখনৰ মাজেৰ আলগা নদী আৰক্ষী চকী বানপানীত আৱদ্ধ হৈ পৰিছে । এতিয়ালৈকে চৰকাৰী পক্ষই গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷

বানপানীত যোগীঘোপা অঞ্চলৰ বিস্তৰ ক্ষতি, বানত আৱদ্ধ আৰক্ষী চকী

author img

By

Published : Jul 15, 2020, 2:20 AM IST

চিৰাং, 15 জুলাই : বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ যোগীঘোপা অঞ্চলৰ বহুকেইখন গাঁও পঞ্চায়ত এলেকা বানপানীত বিধ্বস্ত হৈ পৰিছে । ৰাজ্যত বানে বিস্তৰ ক্ষতিসাধন কৰাৰ পিচটো এইটো অঞ্চলৰ প্ৰতি চৰকাৰী পক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

যোগীঘোপা অঞ্চলৰ বানপানী
যোগীঘোপা অঞ্চলৰ বানপানী

উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত পূৱ মাজেৰ আলগা, পশ্চিম মাজেৰ আলগা, ঔডুবী, চটপাৰা আদি কৰি প্ৰায়বোৰ পঞ্চায়তত ব্ৰহ্মপুত্ৰ আৰু চম্পা নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে । অঞ্চলকেইটাৰ শশ পৰিয়াল বানপানীত পনবন্দী হৈ পৰিছে । কণ কণ শিশুৰ লগতে তীব্ৰ খাদ্য সংকটত পৰিছে পহুধন ।

বানৰ মাজতে নাৱেৰে ভয়ংকৰ যাত্ৰা
বানৰ মাজতে নাৱেৰে ভয়ংকৰ যাত্ৰা

ইফালে যোগীঘোপা, কাবাইটাৰী, ঔডুবী সংযোগী মূল পথটোৰ ওপৰেদি পানী বাগৰাত বৃহত্তৰ অঞ্চলটোৰ যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে । যাতায়ত বিচ্ছিন্ন হোৱাৰ বাবে ওখ ঠাই বিচাৰি হাবাথুৰি খাইছে বানাক্ৰান্ত ৰাইজে । তৎসত্বেও কোনো গুৰুত্ব প্ৰদান কৰা নাই বঙাইগাঁও জিলা প্ৰশাসনৰ লগতে উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে । প্ৰসাশনে এতিয়ালৈ বানাক্ৰান্ত ৰাইজক উদ্ধাৰৰ লগতে সহায় কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহন কৰা নাই ।

বান পৰিস্থিতিক লৈ চৰকাৰলৈ আহ্বান ৰেজাউল কৰিম সৰকাৰৰ

প্ৰশাসনৰ এনে কাৰ্যক আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে তীব্ৰ গৰিহনা দিয়ে । বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বানপানীত ককবকাই থকা লোকক উদ্ধাৰ কৰাৰ লগতে, পনবন্দী হৈ থকা লোকক উদ্ধাৰ কৰা, কণ কণ শিশুৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰা, পহুধনৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আমছুৰ সভাপতিজনে দাবী জনায় ।

আনহাতে এই বানপানীত খোদ আৱদ্ধ হৈ পৰিছে আৰক্ষী ৷ মাজেৰ আলগা নদী আৰক্ষী চকীখন বানপানীত আৱদ্ধ হৈ পৰিছে । আৰক্ষী চকী এখন এইধৰনে বানপানীত ককবকাই থকাৰ পিচতো চৰকাৰী পক্ষৰ কোনো ভ্ৰক্ষেপেই কৰা নাই ।

বান ক্ষতিগ্ৰস্ত ৰাইজ তথা আৰক্ষী

বঙাইগাঁও জিলাৰ এইসমুহ অঞ্চল প্ৰতি বছৰেই বানপানীত আৱদ্ধ হৈ পৰে । যমৰ যাতনা ভোগ কৰিবলগীয়া হয় বৃহত্তৰ অঞ্চলটোৰ লোকে । কিন্ত তাৰ পিচতো আগতীয়াকৈ কোনো ব্যৱস্থা গ্ৰহন নকৰে জিলা প্ৰশাসনে । বাট-পথ সকলো বন্ধ হৈ পৰাত এক মাত্ৰ নাওখনেই যাতায়াতৰ মাধ্যম হৈ পৰিছে । বজাৰ সমাৰকে আদি কৰি সকলো কাম কৰাৰ বাবে নাওৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে জনসাধাৰনে ।

লগতে পঢ়কঃ বাৰ বছৰৰ ভিতৰত এইবাৰ বৰষুণৰ মাত্ৰা সৰ্বাধিক কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.