চিৰাঙ, 28 নৱেম্বৰ: ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি সম্পূৰ্ণৰূপে জুইত জাহ গ'ল চিৰাঙৰ এগৰাকী কৃষকৰ ঘৰ ৷ চিৰাঙৰ বিজনীৰ বড়োবাজাৰৰ কলীয়াগাঁৱত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ বিজনী থানাৰ অন্তৰ্গত বড়োবাজাৰ কলীয়াগাঁৱৰ পৰিমল বিশ্বাসৰ ঘৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় কৃষক গৰাকীৰ ঘৰ । অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই ৷
জুইয়ে সমগ্ৰ ঘৰটো আগুৰি ধৰাত অন্যান্য সামগ্ৰীৰ লগতে খেতি কৰি চপোৱা ধানো সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ বিশ্বাসে জানিবলৈ দিয়া মতে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ ফলত প্ৰায় দহ বিঘা মাটিৰ প্ৰায় 100 মোন ধান ভস্মীভূত হৈছে ৷
জুইৰ লেলিহান শিখাই ঘৰ সম্পূৰ্ণৰূপে আগুৰি ধৰাত খেতিয়ক গৰাকীৰ সন্তানৰ গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে নগদ চাৰি হাজাৰ টকা সহ টিভি আদিও জুইত জাহ যায় বুলি বিশ্বাসে জানিবলৈ দিয়ে ৷ ঘৰৰ সকলো লোক পথাৰলৈ খেতিৰ কামত ওলাই যোৱাৰ পাছতে উক্ত ঘটনাটো সংঘটিত হয় ৷
আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুইকুৰা নুমুৱাবলৈ সক্ষম হয় যদিও জুইৰ লেলিহান শিখাত পলকতে ঘৰখনৰ সকলো সম্পত্তি জ্বলি শেষ হয় ৷
লগতে পঢ়ক:আঘোণৰ পথাৰত চিনাকী দাৱনীজনী নাইকিয়া হোৱাৰ পথত...