চিৰাং, 7 জুন : চিৰাং জিলাৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত পাৰিষদ শেহতীয়াভাৱে স্বীকাৰ হৈছে ব্লেকমেইলিঙৰ ।
![fake account opened by the name of Amar basumatati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangblackmailbyfacebook-vs-10012_07062021181816_0706f_1623070096_461.jpg)
বিটিআৰৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত পাৰিষদ তথা এনডিএফবিৰ প্ৰাক্তন সভাপতি বি ছাউৰাইগ্ৰা ওৰফে অমৰ বসুমতাৰী ওৰফে ছাইকং বসুমতাৰীৰ ফটো আৰু নাম ব্যৱহাৰ কৰি ফেচবুক একাউন্টৰ জৰিয়তে অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে ।
![fake account opened by the name of Amar basumatati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangblackmailbyfacebook-vs-10012_07062021181816_0706f_1623070096_461.jpg)
এই ঘটনাৰ পাচতে অমৰ বসুমতাৰীয়ে সংবাদ মাধ্যমক জনায় যে, তেওঁৰ নামত কোনো অচিনাক্ত লোকে ফেচবুক একাউন্ট খুলি অবৈধভাৱে ধন সংগ্ৰহৰ তথ্য লাভ কৰাৰ পাচতে আৰক্ষীৰ ওচৰ চাপিছে এন ডি এফ বিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ পাৰিষদজন ।
![fake account opened by the name of Amar basumatati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangblackmailbyfacebook-vs-10012_07062021181816_0706f_1623070096_243.jpg)
তদুপৰি কোনোবাই ৰাজনৈতিক ষড়যন্ত্ৰৰে তেওঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ এনে ধৰণৰ নিকৃষ্ট কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰে বি ছাউৰাইগ্ৰাই ।