ETV Bharat / state

Chirang Forest Eviction: উচ্ছেদৰ পিচতে উচ্ছেদিতই পুনৰ নিৰ্মাণ কৰিলে ঘৰ - বন বিভাগ

চিৰাং সংৰক্ষিত ৰুনিখাতাৰ ভাৰত-ভূটান সীমান্তত বন বিভাগৰ অভিযান । বন বিভাগে উচ্ছেদ কৰিলেও নাযাওঁ বুলি হুংকাৰ উচ্ছেদিত লোকৰ ।

Chirang Forest Eviction
উচ্ছেদৰ পিচতে উচ্ছেদিত ঘৰ পুনৰ নিৰ্মাণ কৰি থাকিল উচ্ছেদিতই
author img

By

Published : Nov 15, 2021, 9:42 PM IST

চিৰাং, 15 নৱেম্বৰ : চিৰাং জিলাৰ ৰুনিখাতা বনাঞ্চলৰ অধীনস্থ চিৰাং সংৰক্ষিত বনাঞ্চলৰ পাটালছাৰা আৰু ওদালগুৰি বনগাঁৱত বেদখল উচ্ছেদৰ বাবে সোমবাৰে পুৱাৰে পৰা বন বিভাগে চলায় উচ্ছেদ অভিযান । প্ৰায় এশ বৰ্গহেক্টৰ বনাঞ্চলৰ মূল্যবান গছ কাটি খেতি কৰি ঘৰ সাজিছে বেদখলকাৰীসকলে । যাৰবাবে সোমবাৰে পুৱাৰে পৰা বন বিভাগে এছ এছ বি আৰু আৰক্ষীৰ বৃহৎ দল লৈ চলায় এই অভিযান ।

ৰুনিখাতা বনাঞ্চলৰ বেদখলকাৰীসকল নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰা, মিজোৰাম, শোণিতপুৰ, ঢেকিয়াজুলি আদি বিভিন্ন ঠাইৰ পৰা আহি ব্যাপকভাৱে বনধ্বংশৰে গাঁও পাতিছে । বন বিভাগে এফালে চলাইছে উচ্ছেদ আনফালে উচ্ছেদিত লোকসকল আহি পুনৰ তাতে ঘৰ ঠিক কৰি আছে । উচ্ছেদিত লোকৰ স্পষ্ট কথা আমি বন বিভাগে উচ্ছেদ কৰিলেও ক’তো নাযাওঁ । আমি ট্ৰাইবেল মানুহ বড়োলেণ্ডত থাকিবই লাগিব ।

অঞ্চলত বন বিভাগে উচ্ছেদ কৰিলেও পিচ মূহুৰ্ততে আকৌ ঘৰ সাজি থাকে উচ্ছেদিত লোকে । বন বিভাগৰ এই উচ্ছেদ এক ধৰণৰ যেন নাটকহে । কাৰণ ৰাজনৈতিকভাৱে কোনো গুৰুত্ব দিয়া নাই বনাঞ্চল ধ্বংশৰ এই বিষয়টোত । আশ্চৰ্যৰ বিষয় যে, বন ধ্বংশৰে গঢ়ি উঠা এইসমূহ বেদখলি গাঁৱত চৰকাৰী আঁচনিৰ পথ নিৰ্মাণ হৈছে, যোগান দিয়া হৈছে বিদ্যুৎ । যেন ভোট বেংকৰ স্বাৰ্থত বি পি এফ অথবা ইউ পি পি এল বা কোনো ৰাজনৈতিক দলেই বনাঞ্চল ৰক্ষা হোৱাটো বিচৰা নাই ।

উচ্ছেদৰ পিচতে উচ্ছেদিত ঘৰ পুনৰ নিৰ্মাণ কৰি থাকিল উচ্ছেদিতই

বন বিভাগৰ পৰা অনুমতি নোলোৱাকৈ এইসমূহ বেদখলি অঞ্চলত চৰকাৰী আঁচনিৰ কামত একপ্ৰকাৰে চৰকাৰে সহায়হে কৰিছে । বন বিভাগে এমাহ পূৰ্বেও উচ্ছেদ চলাইছিল কিন্তু আকৌ এই অঞ্চলত ঘৰ সাজি থাকিবলৈ লৈছে উচ্ছেদকাৰী । তেওঁলোকৰ অইন ঠাইত ঘৰ আছে যদিও পৰিয়াল ডাঙৰ হোৱাৰ মাটিৰ প্ৰয়োজন হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে আমি ইয়াত বন ধ্বংশ কৰি প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি ১২ বিঘাকৈ মাটি লৈছো । খেতি কৰিম পৰিয়াল ভালে ভালে চলিব বুলিও জনায় বহিঃৰাজ্যৰ পৰা আহি বন বিভাগৰ মাটি দখল কৰা লোকসকলে ।

ইপিনে বন বিভাগৰ লোকে দাবী কৰে যে, স্থানীয় একাংশ দালাল শ্ৰেণীৰ লোকে বহিঃৰাজ্য তথা অসমৰ অইন জিলাৰ পৰা এইসকল লোকক আনি বহুৱাইছে । এই বেদখলকাৰীসকলৰ মাজত একাংশ স্থানীয় লোকো আছে । কোনো ভূমিহীন লোক ইয়াত নাই । সকলোৰে ভূমি আছে, ঘৰ পৰিয়াল আছে । ইয়াত আহি অবৈধভাৱে বনাঞ্চলৰ মাটি দখলৰ চেষ্টা কৰিছে । গতিকে চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ দাদালসকলক চিনাক্ত কৰি শাস্তিৰ ব্যৱস্থা কৰিলে নিশ্চয় বনাঞ্চল ৰক্ষা পৰিব বুলি বন বিভাগৰ লোকে দাবী কৰে ।

লগতে পঢ়ক : Eviction of Lumding Forest: বনাঞ্চল বেদখলকাৰীৰ বিৰুদ্ধে CID ৰ তদন্ত দাবী শিলাদিত্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.