ETV Bharat / state

10 মে'ৰ ভিতৰত বিটিচিত হাগ্ৰামাৰ চৰকাৰ আহি আছে : চন্দন ব্ৰহ্ম

author img

By

Published : Mar 19, 2021, 9:18 PM IST

10 মে' ৰ ভিতৰত বিটিচিত হাগ্ৰামাৰ চৰকাৰ আহি আছে বুলি মন্তব্য মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷ এইবাৰৰ নিৰ্বাচনত বিপিএফে বিটিচিত 12 খন আসন লাভ কৰাৰ লগতে ভোটৰ সংখ্যা পূৰ্বৰ তুলনাত 15,000 ৰ অধিক বৃদ্ধি পাব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ শুকুৰবাৰে চিৰাঙৰ বিজনী বিধান সভা সমষ্টিৰ বাবে মনোনয়ন দাখিল বিপিএফৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীৰ ৷

election campaign by bpf at bijni constituency in chirang
10 মে'ৰ ভিতৰত বিটিচিত হাগ্ৰামাৰ চৰকাৰ আহি আছে : চন্দন ব্ৰহ্ম

চিৰাঙ, 19 মাৰ্চ: 10 মে' ৰ ভিতৰত বিটিচিলৈ হাগ্ৰামা মহিলাৰী তথা বিপিএফৰ চৰকাৰ আহি আছে বুলি মন্তব্য কৰি ইয়াৰ বাবে 6 এপ্ৰিলত বিজনী সমষ্টিৰ ৰাইজক মন্ত্ৰী চন্দন ব্ৰহ্মই নাঙলৰ চিহ্নত ভোট দিয়াৰ বাবে আহ্বান জনায় ৷ শুকুৰবাৰে বিজনী বান্দৱ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ পথাৰত বিপিএফৰ এক সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷

শুকুৰবাৰৰ দিনটোতে চিৰাঙৰ বিজনী বিধান সভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰি বিপিএফৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীয়ে কয় যে, প্ৰধানমন্ত্ৰীৰ প্ৰচাৰেও বিজনীত কোনো প্ৰভাৱ নেপেলায় ৷ উক্ত মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে, মে' মাহত ইউপিপিএলৰ পৰিষদ ভংগ হৈ বিটিচি পুনৰ বিপিএফৰ হ'ব ৷ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি বিটিচিত নচলিব বুলি মন্তব্য কৰি চন্দন ব্ৰহ্মই কয় যে, বিটিচিৰ 12 খন আসনতেই বিপিএফৰ জয় হ'ব আৰু অসমত মহাজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰে ৷

ভোটৰ সংখ্যা পূৰ্বৰ তুলনাত 15,000 ৰ অধিক বৃদ্ধি পাব বুলি মন্তব্য চন্দন ব্ৰহ্মৰ

মনোনয়ন দাখিল কৰি কমল সিং নাৰ্জাৰীয়ে কয় যে, মহাজোঁটৰ সকলো দলে বিপিএফৰ প্ৰাৰ্থীক সমৰ্থন জনাই আগুৱাই আহিছে গতিকে বিজয় নিশ্চিত ৷ নাৰ্জাৰীয়ে ৷ মোৰ প্ৰতিদ্বন্দ্বী এতিয়াও বিচাৰি পোৱা নাই বুলি মন্তব্য কৰি তেওঁ কয় যে, "বিজেপিৰ হৈ প্ৰধান মন্ত্ৰী বা আন কোনো আহিলেও আমাৰ কোনো ক্ষতি নহয়, কাৰণ বিজনীৰ উন্নয়ণ আমিহে কৰিছো ৷ প্ৰধান মন্ত্ৰীয়ে নহয় ৷ "

উল্লেখ্য যে, চিৰাঙৰ বিজনী সমষ্টিত বিপিএফৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীয়ে শুকুৰবাৰে চতুৰ্থবাৰৰ বাবে মনোনয়ন দাখিল কৰে ৷ শুকুৰবাৰে আয়োজিত সভাত বিপিএফৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিপিএফৰ কেবাজনো পাৰিষদ সহ মহাজোঁটৰ অন্য দলৰ নেতা সকলৰ লগতে সমৰ্থক সকল উপস্থিত হয় আৰু তাৰ পাছতে বৃহৎ সমদল কৰি কমল সিং নাৰ্জাৰীয়ে বিজনী মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷

লগতে পঢ়ক: ২০১৬ ৰ পুনৰাবৃত্তি ঘটিব পাৰে সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.