চিৰাং, 15অক্টোবৰ : চিৰাঙত আৰক্ষীৰ অভিযানত বেংতলৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় ড্ৰাগছসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । চিৰাঙৰ বেংতলত আৰক্ষীয়ে বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত বিয়লি ৪ বজাত ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতলত এএচ ১৯এ-১৫৫৪ নম্বৰৰ মাৰুতি ভেন গাড়ী এখন সন্দেজনক অৱস্থাত তালাচী চলায় । উক্ত গাড়ীখনৰ পৰা নিষিদ্ধ এচপিস্ফেনপ্লাচ কেপচুল ২১৩৬ টা, ভূটানী টকা ১৪৬৩০/টকা আৰু ভাৰতীয় টকা ১৯০০/টকা লগতে মোবাইল ফোন এটা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । তাৰোপৰি 4 জন সৰবৰাহকাৰীক আটক কৰে ।
উল্লেখযোগ্য যে ধৃত সৰবৰাহকাৰী কেইটা ভাৰত-ভূটান সীমান্তৰ দাদগিৰি হাতীসাৰৰ বুলি জানিবপৰা গৈছে । ধৃত সৰবৰাহকাৰীকেইজন সঞ্জয় ৰাই(২২), অমিত বিশ্বাস(১৯) সঙ্গিত প্ৰধান(২২) আৰু টানহাইয়া বাচফোৰ(১৮) বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে এই সন্দৰ্ভত বেংতল আৰক্ষী চকীত ২০৭ নম্বৰ গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে । চিৰাং জিলা সদৰ আৰক্ষী অধীক্ষক প্ৰকাশ মেধি,ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থমৰাজ ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান চলাইছিল বুলি আৰক্ষী সুত্ৰে প্ৰকাশ ।
উল্লেখ্য যে, যোৱা ৮ অক্টোবৰ তাৰিখে নিচাজাতীয় কেপচুলসহ ছাতিপুৰ গাঁৱত দগিৰীৰ দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে ।
লগতে পঢ়ক : ধনশিৰিত চুৰি গাড়ীসহ দুই মণিপুৰী যুৱক আটক