ETV Bharat / state

চিৰাঙত আৰক্ষীৰ জঘন্য কাণ্ড : প্ৰহাৰ কৰিলে স্বাস্থ্যকৰ্মীক

author img

By

Published : May 25, 2020, 10:39 AM IST

আমটেকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে আৰক্ষীয়ে আঠু কঢ়াই লাঠিৰে প্ৰহাৰ কৰে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ৷ আৰক্ষীৰ লাঠিৰ কোবত গুৰুতৰ ভাৱে আহত হয় চিকিৎসক মাধুৰ্য্য কাকতি, গাণণিক নিতু দাস আৰু ফাৰ্মাচিষ্ট ৰাজু বড়ো ৷

Doctor and medical stuff brutally beaten by police at Chirang
চিৰাঙত চিকিৎসক, চিকিৎসা কৰ্মীক নিৰ্মম প্ৰহাৰ আৰক্ষীৰ

চিৰাং, 24 মে': কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে চিৰাঙত আৰক্ষীৰ জঘন্য কাণ্ড ৷ আমটেকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে আৰক্ষীয়ে আঠু কঢ়াই লাঠিৰে প্ৰহাৰ কৰে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ৷ আৰক্ষীৰ লাঠিৰ কোবত গুৰুতৰভাৱে আহত হয় চিকিৎসক মাধুৰ্য্য কাকতি, গাণণিক নিতু দাস আৰু ফাৰ্মাচিষ্ট ৰাজু বড়ো ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া জিলাখনৰ স্বাস্থ্য বিভাগত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

ঘটনা অনুসৰি, দেওবাৰে সন্ধিয়া নিজৰ কাম সম্পাদন কৰি আমটেকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ঘূৰি আহিছিল চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ দলটো ৷ উক্ত সময়তে সেই স্থানত উপস্থিত হোৱা আৰক্ষীৰ দলটোৱে কোনো ধৰণৰ সোধ-পোচ নকৰাকৈ লাঠিৰে প্ৰহাৰ কৰাৰ লগতে কানত ধৰাই উঠা বহা কৰায় চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলক ৷ মগুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰ চন্দ্ৰ দলে,কয়লা ময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোধ চৌধুৰীয়ে কমাণ্ডোলৈ চিকিৎসা কৰ্মীসকলক এইদৰে মাৰপিট কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

উল্লেখ্য যে, এই ঘটনাৰ পাছতে আহত সকলক চিকিৎসাৰ বাবে জিলা সদৰ কাজলগাঁৱৰ চিকিৎসালয়লৈ নিয়াৰ সময়তো বাধা দিয়ে আৰক্ষীয়ে ৷ আদ বাটতে আমগুৰি থানাত এম্বুলেন্সসহ আহত তিনিওকে আৱদ্ধ কৰি ৰাখে আৰক্ষীয়ে ৷ বহু সময় পিচতহে চিকিৎসক সহ দলটোক যাবলৈ দিয়াত দলটোৱে পোনে পোনে জিলা সদৰ কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰে ৷ আৰক্ষীৰ এই কাণ্ডত জিলাখনৰ স্বাস্থ্য বিভাগত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

ইয়াৰ উপৰিও আমগুৰি থানাত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীয়ে চিকিৎসা কৰ্মী সকলক এই বিষয়ে সংবাদ মাধ্যমক নজনোৱা আৰু এই ঘটনাৰ কোনো অভিযোগ নিদিয়াৰ বাবে কোৱাৰ লগতে মীমাংসাৰ বাবে হেঁচা দিয়া বুলি জানিব পৰা গৈছে ৷ দেশৰ এই দুৰ্যোগৰ সময়ত ক'ৰণা যোদ্ধা সকলক আৰক্ষীয়ে এনে ব্যৱহাৰ কৰাত বিভিন্ন দল সংগঠনেও প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

লগতে পঢ়কঃ হাজোত সংঘটিত এক নৃশংস হত্যাকাণ্ড

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.