ETV Bharat / state

কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত সজাগতামূলক অনুশীলন - চিৰাং জিলা

বিটিচি প্ৰধান গৰাকীৰ নিৰ্দেশমৰ্মে মঙলবাৰে চিৰাঙৰ সদৰস্থিত কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ৰ চিকিৎসাকৰ্মীসকলৰ মাজত, জৰুৰীকালীন পৰিস্থিতিত সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা সন্দৰ্ভত অনুশীলন প্ৰদান কৰে এচ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনী কৰ্তৃপক্ষই ৷

কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত সজাগতামূলক অনুশীলন

author img

By

Published : Dec 29, 2020, 3:37 PM IST

চিৰাং, 29 ডিচেম্বৰ: চিৰাং জিলাৰ সদৰস্থিত কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত যন্ত্ৰপাতি থকাৰ পাচতো অধিকাংশ যন্ত্ৰই ব্যৱহাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে, বিটিচিৰ নৱ নিযুক্ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে চিকিৎসালয় খন পৰিদৰ্শন কৰি এমাহৰ ভিতৰত চিকিৎসা ব্যৱস্থা নিয়মীয়াকৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত সজাগতামূলক অনুশীলন
কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত সজাগতামূলক অনুশীলন

বিটিচি প্ৰধান গৰাকীৰ নিৰ্দেশৰ পাচতে তৎপৰ হৈছে চিকিৎসালয় কৰ্তৃপক্ষ ৷ যাৰ বাবে মঙলবাৰে চিকিৎসালয় খনত কাজলগাঁৱৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে চিকিৎসালয় খনত থকা অগ্নি প্ৰতিৰোধী গেছসমূহ পৰীক্ষা কৰাৰ লগতে সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পাবলৈ চিকিৎসক, স্বাস্থ্য কৰ্মীয়ে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে ৷

অনুশীলন কৰি দেখুৱায় এচ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনী কৰ্তৃপক্ষই

কাজলগাঁও অগ্নি নিৰ্বাপক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া অনিৰুদ্ধ বৰ্মণে প্ৰকাশ কৰা অনুসৰি, চিকিৎসাখনৰ চিকিৎসক, চিকিৎসা কৰ্মীৰ মাজত জৰুৰীকালীন অৱস্থাত ল'বলগীয়া সাৱধানতা অৱলম্বন সন্দৰ্ভত অনুশীলন কৰি দেখুৱায় এচ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনী কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: প্ৰতিষেধক 'Pneumosil' মুকলি স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.