চিৰাং, 8 ছেপ্তেম্বৰ: ভাৰতে স্বাধীনতা লাভ কৰা 75 বছৰ পূৰ্ণ কৰা উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ত(Azadi Ka Amrit Mahotsav) অংশ লোৱা চি আৰ পি এফৰ(CRPF) চাইকেল আৰোহীৰ দলটোক বিপুল আদৰণি ৷ মঙলবাৰে চিৰাঙৰ কুকুৰমাৰীস্থিত চি আৰ পি এফ বাহিনীৰ 156 নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত যোৰহাটৰ পৰা দিল্লীলৈ যাত্ৰা কৰা দলটোক আদৰণি জনোৱা হয় ৷
চাইকেল আৰোহী বিষয়া জোৱানৰ দলটোক ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই(UG Brahma) অন্যান্য অতিথিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আদৰণি জনায় ৷ বিগত 31আগষ্টত যোৰহাটৰ পৰা এই দলটোৱে গুৱাহাটী হৈ চিৰাঙত উপস্থিত হৈছে ৷ আগন্তুক 2 অক্টোবৰত নতুন দিল্লী ৰাজঘাটত উপস্থিত হ’ব দলটো ৷
এই চাইকেল সমদলকাৰী বিষয়া-জোৱানৰ 25 জনীয়া দলটোৰ নেতৃত্ব বহন কৰিছে চি আৰ পি এফৰ চেক্টৰ বিষয়া কে এন ধীমানে ৷ এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত তিনিৰাকী শ্বহীদ চি আৰ পি এফৰ জোৱানৰ পৰিয়াললৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
অনুষ্ঠানত চি আৰ পি এফৰ বঙাইগাঁৱৰ ডি আই জি জয়দেৱ কিশোৰী, 156 বেটেলিয়নৰ কামাণ্ডেণ্ট ৰভি মুণ্ডাই আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে আজাদী কা অমৃত মহোৎসৱ চাইকেল যাত্ৰাৰ মহত্ব ব্যাখ্যা আগবঢ়ায় ৷ আনহাতে, অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Pm Modi) গ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ জনসাধাৰণ উপকৃত হ’ব বুলি মত ব্যক্ত কৰে ৷
উক্ত অনুষ্ঠানত উপস্থিত থাকে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, এছ এছ বিৰ 15 নং বেটেলিয়নৰ কামাণ্ডেণ্ট দুৰ্গা বাহাদুৰ চোনাৰসহ ভালেসংখ্যক চি আৰ পি এফৰ বিষয়া-জোৱান আৰু সাধাৰণ ৰাইজ ৷
লগতে পঢ়ক: থাওৰাত এককভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাইজৰ দলে: অখিল গগৈ