ETV Bharat / state

বিজনীত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ অজয় কুমাৰ ৰয়ৰ

দেওবাৰে সন্ধিয়া উছৱমুখৰ হৈ পৰিল চিৰাং জিলাৰ বিজনী চহৰ । ৩৩ নং বিজনী বিধানসভা সমষ্টিত অজয় কুমাৰ ৰয়ে বিজেপি দলৰ পৰা লাভ কৰে প্ৰাৰ্থিত্ব ৷

author img

By

Published : Mar 15, 2021, 4:08 PM IST

বিজনীত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ অজয় কুমাৰ ৰায়ৰ

চিৰাং,15 মাৰ্চ: দেওবাৰে সন্ধিয়া উছৱমুখৰ হৈ পৰিল চিৰাং জিলাৰ বিজনী চহৰ । ৩৩ নং বিজনী বিধানসভা সমষ্টিত অজয় কুমাৰ ৰয়ে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই উছৱমুখৰ হৈ পৰে বিজনী চহৰ । বিজেপিৰ দলীয় নেতা-কৰ্মীসকলে প্ৰাৰ্থী অজয় কুমাৰ ৰয়ক সমদল কৰি আদৰি আনে ৷

তাৰোপৰি, বিজেপিৰ নেতা-কৰ্মী তথা সমৰ্থকসকলে ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, বিগত ২০১৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজনী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা অজয় কুমাৰ ৰয়ে বিপিএফৰ প্ৰাৰ্থী কমলসিং নাৰ্জাৰীৰ হাতত মাত্ৰ ১,৬৭৮ টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল । আগন্তুক নিৰ্বাচনত অজয় কুমাৰ ৰয়ৰ বিজয় নিশ্চিত বুলি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়কঃ আজি ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব শিৱৰাজ সিং চৌহানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.