চিৰাং, 22 ডিচেম্বৰ : চিৰাং জিলাত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে চিৰাং বন বিভাগে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ জিলাখনৰ বিজনী মহকুমাৰ উত্তৰাঞ্চলৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া অঞ্চলত মানাহৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ ৰোধ কৰিবৰ বাবে চিৰাং বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফে মানাহৰ পৰা যাতে বনৰীয়া হাতী জনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰবাবে বৈদ্যুতিক ছোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে ৷ চিৰাঙৰ কুকলুং বনাঞ্চলৰ অন্তৰ্গত দৈলংঝাৰ, বিষ্ণুপুৰৰ পৰা 10 কিলোমিটাৰ এই ফেন্সিঙৰ কাম মঙলবাৰৰ পৰা আৰম্ভ কৰিছে ৷
উল্লেখ্য যে, বিগত সময়ছোৱাত হাতী-মানুহৰ সংঘাটত অঞ্চলটোত 4 টাকৈ বনৰীয়া হাতী নিহত হোৱাৰ লগতে কেইবাজনো লোক নিহত হোৱাৰ উপৰিও বহু লোক আহত হৈছে । শেহতীয়াকৈ বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফৰ এই পদক্ষেপ শলাগ লৈছে অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক : টিংখাঙৰ কৰঙণি চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ