চিৰাং, 23মাৰ্চ: চিৰাঙৰ বৰতালোৱাত উলংঘা হৈছে নিৰ্বাচনী আচৰণ বিধি ৷ নিৰ্বাচনী আচৰণ বিধি জাৰি কৰা স্বতেও বৰ্তমানেও আঁতৰ নহ’ল মন্ত্ৰীৰ ফটো সম্বলিত বেনা-পোষ্টাৰ ৷ বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰতালোৱা বজাৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ ফটো সম্বলিত স্বচ্ছ ভাৰত অভিযানৰ পোষ্টাৰ আজিও ওলমি ৰৈছে ৷
উল্লেখ্য যে, চিৰাং জিলাৰ অন্তৰ্গত বঙাইগাঁও বিধান সভাৰ সমষ্টিত ৫৫ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে । কিন্তু বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাৰ এই অঞ্চললৈ কোনো গুৰুত্বই প্ৰদান কৰা নাই নিৰ্বাচন আয়োগে । ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ মাজতে বজাৰৰ মাজতে ওলমি ৰৈছে ৰাজ্যিক মন্ত্ৰীৰ ফটো সম্বলিত পোষ্টাৰ ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷