ETV Bharat / state

লকডাউনৰ ফলত পথাৰতেই গেলিছে কৃষকৰ উৎপাদিত শস্য

ক’ভিড সৃষ্ট পৰিস্থিতিত অতিকৈ ক্ষতিগ্ৰস্থ হৈছে কৃষক সকল ৷ আন্তঃ জিলা যাতায়ত সেৱা বন্ধ হৈ পৰাৰ লগে লগে পথাৰতেই গেলিবলৈ লৈছে চিৰাঙৰ খেতিয়ক সকলৰ উৎপাদিত শস্য ৷ চৰকাৰৰ পৰা সহায়ৰ দাবী দুৰ্ভগীয়া কৃষকসকলৰ ৷

chirang-vegetable-farmer-crisis-due-to-lockdown
লকডাউনৰ ফলত পথাৰতেই গেলিবলৈ লৈছে কৃষকৰ উৎপাদিত শস্য
author img

By

Published : May 24, 2021, 11:01 PM IST

চিৰাং, 24 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো সংহাৰী ৰূপ ধাৰণ কৰিছে কৰ’ণা মহামাৰীয়ে ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰিছে লকডাউন ৷ দীৰ্ঘ দিনৰ পৰা অব্যাহত থকা এই লকডাউনৰ ফলত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ অৰ্থনীতি ৷ ক্ষতিগ্ৰস্ত হৈ পৰিছে সমাজৰ সৰ্বস্তৰৰ লোক ৷

সমান্তৰালভাৱে ক’ভিডসৃষ্ট পৰিস্থিতিত অতিকৈ ক্ষতিগ্ৰস্থ হৈছে কৃষক সকল ৷ লকডাউনৰ পৰিপেক্ষিতত উপযুক্ত বজাৰৰ অভাৱ আৰু উচিত মূল্যৰ পৰা বঞ্চিত হৈছে চিৰাং জিলাৰ চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত মাদাৰপুৰ চৰকে ধৰি বিভিন্ন চৰাঞ্চলৰ শাক-পাচলিৰ খেতিয়কসকল ৷

আই নৈৰ চৰাঞ্চল সমূহত শ শ বিঘা কৃষি ভূমিত উৎপাদন কৰা হৈছে হেজাৰ হেজাৰ কুইণ্টল শাক-পাচলি । কিন্তু, ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰাৰ পাচতেই উপযুক্ত বজাৰৰ অভাৱে বিমোৰত পেলাইছে কৃষক সকলক ।

বিশেষকৈ আন্তঃ জিলা যাতায়ত সেৱা বন্ধ হৈ পৰাৰ লগে লগে মূৰে কপালে হাত দিছে কৃষকসকলে ৷ পথাৰতেই গেলিবলৈ লৈছে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা কৃষক সকলৰ শাক-পাচলি ৷ এই ক্ষেত্ৰত চৰকাৰৰ পৰা সহায়ৰ দাবী জনাইছে দুৰ্ভগীয়া কৃষকসকলে ৷

লগতে পঢ়ক : ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.