ETV Bharat / state

সময়ত নিৰ্বাচন হোৱা হলে বিপিএফৰ বহু নেতা জেলত থাকিলে হয় !

author img

By

Published : Sep 26, 2020, 9:59 PM IST

"অসম চৰকাৰৰ সৈতে বিপিএফৰ তিনিজনকৈ মন্ত্ৰী থাকিও ইউ পি পি এলক দোষাৰূপ কৰাটো বিপিএফৰ নাটকৰ বাহিৰে আন একো নহয় । সাহস আছে যদি তিনিওজন মন্ত্ৰীয়ে পদত‍্যাগ কৰি চৰকাৰৰ পৰা ওলাই দেখুৱাই দিয়ক ৷ তেতিয়াহে ৰাইজে বুজিব পাৰিব যে, বিপিএফৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নায় ৷" ক’লে প্ৰমোদ বড়োয়ে ।

Chirang UPPL reaction on BPF and BTR
সময়ত নিৰ্বাচন হোৱা হলে বিপিএফৰ বহু নেতা জেলত থাকিলে হয় !

চিৰাঙ,26 ছেপ্তেম্বৰঃ শনিবাৰে চিৰাঙত ইউ পি পি এলৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰিলে দলৰ সভাপতি প্ৰমোদ বড়োয়ে । কৰ্মী সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োয়ে ক’লে, হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তি ৰূপায়ন কৰিব নিদিও বুলি কোৱা কথাই প্ৰমোদ বড়োৰ একো ক্ষতি নকৰে ৷ বৰঞ্চ ৰাইজৰহে ক্ষতি কৰিব বিচাৰিছে হাগ্ৰামা মহিলাৰীয়ে। আজি এই চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলত তিনিখনকৈ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, এনআইটি, ক্ৰীড়া বিশ্ববিদ্যালয়, ৰেলৰ দবা নিৰ্মাণ কাৰখানা, বৃহৎ উদ্যোগ আৰু ৰাইজৰ উন্নয়নৰ বাবে যদি পোনে পোনে কেন্দ্ৰৰ পৰা টকা আহে তাত হাগ্ৰামা মহিলাৰীয়ে কিয় বেয়া পাইছে বুলি প্ৰশ্ন কৰিলে প্ৰমোদ বড়োয়ে ।

বিটিআৰ চুক্তি বিৰুধিতাৰে হাগ্ৰামা মহিলাৰীয়ে নিজেই প্ৰমাণ দিছে যে, তেঁও নিজেই নিবিচাৰে অঞ্চলটোৰ উন্নয়ন । হাতৰ কুঠাৰ মাৰিছে নিজৰে ভৰিত । এইদৰে কৈ প্ৰমোদ বড়োয়ে হাগ্ৰামা মহিলাৰীক আহ্বান জনালে, ইমান ধুনীয়া চুক্তিক বাধা দি ৰাইজৰ বিৰুদ্ধে নাযাব ।

বিটিআৰ চুক্তি বিৰোধিতা কৰি কোনে নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে !

"হাগ্ৰামা মহিলাৰীয়ে দীৰ্ঘদিনে বিটিচিত মাথো দুৰ্নীতি কৰিলে, ৰাইজৰ বিৰুদ্ধে গৈ অনেক কাম কৰিলে, উন্নয়ন বিৰোধী বিভিন্ন কাম কৰিলে ৷ অৱশেষত ইমান মানুহ মৰাৰ অন্তত এখন শান্তি চুক্তি হৈছে । এই চুক্তিৰ বাবে অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰি অস্ত্ৰ মুক্ত এখন সমাজ গঠণ হৈছে । তাৰ পিছত ইয়াৰ বিৰোধিতা কৰি হাগ্ৰামাই ইয়াকে বুজাইছে যে তেওঁ এই অঞ্চলৰ উন্নয়ন নিবিচাৰে ; জাতি-জনগোষ্ঠী সমূহৰ মাজত শান্তি প্ৰতিষ্ঠা হোৱাটো নিবিচাৰে ; আমি বিচাৰো অতি সোনকালে নিৰ্বাচন হওক আৰু বিটিআৰ চুক্তিৰ দফা সমূহ সম্পুৰ্ণভাৱে ৰূপায়ন হওক ।" ক’লে প্ৰমোদ বড়োয়ে ৷

বিহাৰ, ৰাজস্থান, মিজোৰামত যদি নিৰ্বাচন হ’ব পাৰে বিটিআৰত কিয় নহ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰমোদ বড়োয়ে । চৰকাৰেহে এতিয়া জানিব কেতিয়া নিৰ্বাচন পাতিব ! চৰকাৰৰ হাতত কি তথ্য আছে সেয়া আমি নাজানো । উচ্চতম ন্যায়ালয়ে কৈছে ক’ভিডৰ নীতি নিয়ম অনুসৰি নিৰ্বাচন হওঁক । আমি ইউ পি পি এল দলেও সোনকালে নিৰ্বাচন হোৱাটো বিচাৰো বুলি ক‘লে ইউ পি পি এলৰ সভাপতি গৰাকীয়ে ।

ইপিনে নিৰ্বাচন পতা নপতাক লৈ বিপিএফ তথা হাগ্ৰামা মহিলাৰীয়েহে ষৰযন্ত্ৰ কৰিছে । যোৱা ৪ এপ্ৰিল তাৰিখে নিৰ্বাচন অনুস্থিত হোৱা হলে বিটিচিত ইউ পি পি এলৰ চৰকাৰেই গঠণ হ’ল হয় আৰু এতিয়ালৈ বিপিএফ দলৰ নেতা পালিনেতা সমূহ ৰঙা ঘৰত থাকিব লগীয়া হ’লহেঁতেন বুলি এক বিস্ফোৰক মন্তব্য কৰে ইউ পি পি এলৰ নেতা প্ৰমোদ বড়োয়ে । এতিয়া বিপিএফে ভয় কৰিছে যিহেতু তেওঁলোকৰ পৰাজয় হোৱাটো নিশ্চিত ।

লগতে পঢ়কঃ পৰ্যটন বিভাগে ঘোষণা কৰিলে তিনিখন নতুন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.