ETV Bharat / state

"দুৰ্নীতি আৰু চন্দন ব্ৰহ্ম এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি"-প্ৰমোদ বড়ো

author img

By

Published : Apr 10, 2019, 11:19 PM IST

Updated : Apr 11, 2019, 12:36 AM IST

বুধবাৰে ইউপি পি এলৰ নেতৃত্বই চিৰাং জিলাৰ তিনি ঠাইত ক্ৰমে বিজনীৰ পানবাৰী, বামুনগাঁও আৰু ভাৰত-ভূটান সীমান্তৰ থাইকাঝোৰাত ইউ পি পি এলৰ নিৰ্বাচনী সভাত অংশ লয় ৷ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় এবছুৰ সভাপতি প্ৰমোদ বড়োৱেও ৷

ইউপি পি এলৰ নিৰ্বাচনী প্ৰচাৰ

চিৰাং,10 এপ্ৰিল: বুধবাৰে চিৰাঙৰ বামুনগাঁৱত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় এবছুৰ সভাপতি প্ৰমোদ বড়োৱে । এই সভাতে হাগ্ৰামা আৰু নৱ শৰনীয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে এবছুৰ সভাপতিগৰাকীয়ে৷ প্ৰমোদ বড়োৱে কয় যে বিটিএডিত হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰৰ অপশাসন, দুৰ্নীতি, অহংকাৰী তথা ভোটাৰক ভয়-ভীতি প্ৰদৰ্শন কৰি চলিব বিচৰাক সকলো পৰ্য্যায়ৰ লোকে বুজি পাইছে যাৰ বাবে মানুহে তেওঁক অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে ।

ইউপি পি এলৰ নিৰ্বাচনী প্ৰচাৰ

একেদৰে কোনো উন্নয়ন মূলক কাম বা কোনো ভাল চিন্তা নোহোৱাকৈ বড়ো-অবড়ো মাজত সংঘাত লগাই আৰু ভয় দেখুৱাই নৱ শৰনীয়াই অবড়ো লোকৰ ভোট ল'ব বিচাৰিছে বুলি মন্তব্য কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷ আনহাতে প্ৰমোদ বড়োয়ে মন্ত্ৰী চন্দন ব্ৰহ্মৰ ডেৰশ কোটিৰ দুৰ্নিতিৰ বিষয়ে উল্লেখ কৰি দুৰ্নীতি আৰু চন্দন ব্ৰহ্ম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মন্তব্য কৰে ৷ ইপিনে উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই সভাত উপস্থিত থকা সকলোকে উৰ্খাউ গৌৰা ব্ৰহ্মক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় এবছুৰ সভাপতিগৰাকীয়ে ৷ উল্লেখ্য যে ইউপি পি এলৰ নেতৃত্বই চিৰাং জিলাৰ তিনি ঠাইত ক্ৰমে বিজনীৰ পানবাৰী, বামুনগাঁও আৰু ভাৰত-ভূটান সীমান্তৰ থাইকাঝোৰাত ইউ পি পি এলৰ নিৰ্বাচনী সভাত অংশ লয় ৷

চিৰাং,10 এপ্ৰিল: বুধবাৰে চিৰাঙৰ বামুনগাঁৱত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় এবছুৰ সভাপতি প্ৰমোদ বড়োৱে । এই সভাতে হাগ্ৰামা আৰু নৱ শৰনীয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে এবছুৰ সভাপতিগৰাকীয়ে৷ প্ৰমোদ বড়োৱে কয় যে বিটিএডিত হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰৰ অপশাসন, দুৰ্নীতি, অহংকাৰী তথা ভোটাৰক ভয়-ভীতি প্ৰদৰ্শন কৰি চলিব বিচৰাক সকলো পৰ্য্যায়ৰ লোকে বুজি পাইছে যাৰ বাবে মানুহে তেওঁক অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে ।

ইউপি পি এলৰ নিৰ্বাচনী প্ৰচাৰ

একেদৰে কোনো উন্নয়ন মূলক কাম বা কোনো ভাল চিন্তা নোহোৱাকৈ বড়ো-অবড়ো মাজত সংঘাত লগাই আৰু ভয় দেখুৱাই নৱ শৰনীয়াই অবড়ো লোকৰ ভোট ল'ব বিচাৰিছে বুলি মন্তব্য কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷ আনহাতে প্ৰমোদ বড়োয়ে মন্ত্ৰী চন্দন ব্ৰহ্মৰ ডেৰশ কোটিৰ দুৰ্নিতিৰ বিষয়ে উল্লেখ কৰি দুৰ্নীতি আৰু চন্দন ব্ৰহ্ম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মন্তব্য কৰে ৷ ইপিনে উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই সভাত উপস্থিত থকা সকলোকে উৰ্খাউ গৌৰা ব্ৰহ্মক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় এবছুৰ সভাপতিগৰাকীয়ে ৷ উল্লেখ্য যে ইউপি পি এলৰ নেতৃত্বই চিৰাং জিলাৰ তিনি ঠাইত ক্ৰমে বিজনীৰ পানবাৰী, বামুনগাঁও আৰু ভাৰত-ভূটান সীমান্তৰ থাইকাঝোৰাত ইউ পি পি এলৰ নিৰ্বাচনী সভাত অংশ লয় ৷

Intro:চিৰাঙৰ ইউ পি পি এল আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ নিৰ্ব্বাচনি প্ৰচাৰত প্ৰমোদ বড়ো,বি বেঙ্গা । 


এইদৰেই আজি চিৰাঙৰ বামুনগাঁওত ইউ পি পি এল দলৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ প্ৰচাৰ সভাত উপস্থিত হৈ এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে কয় । তেঁও আৰু কয় যে আমি তেজপুৰ সমষ্ঠীত নহয় মাথো আমি কেবাটাও সমষ্ঠীত সমৰ্থনৰ কথা কৈছো । তেজপুৰত আমি প্ৰাৰ্থী দিয়াৰ কথা আছিল কংগ্ৰেছ-বিজেপিৰ বহু প্ৰতাৰনাৰ বাবে । কিন্ত তাত প্ৰাৰ্থী দিয়াৰ কথা ঘোষনাৰ পিচতে গোৰ্খা আৰু আদীবাসী সকলে তেওঁলোকৰ প্ৰাৰ্থিক সমৰ্থন দিয়াৰ দাবী কৰিলে । আমি মান্তি হৈছো কাৰন সেই জনগোষ্ঠী সমুহৰ সৈতে আমাৰ ভাল সম্পৰ্ক আছে । হাগ্ৰামা মহিলাৰীয়ে আমাক বদনাম দিব বিচাৰিছে টকাৰ লেন দেনৰ কথা কৈ । ইয়াত কথা হৈছে হাগ্ৰামা মহিলাৰীয়ে যেতিয়ালৈ ৰাজনীতি কৰিব তেতিয়ালৈ প্ৰথমে টকাৰ কথাই আহিব । কাৰন হাগ্ৰামা মহিলাৰীৰ প্ৰথম,দ্বিতীয়,তৃতিয়,চতুৰ্থ উদ্দেশ্যই হৈছে টকা । তেওঁ মাথো টকাৰ বাবেই ৰাজনীতি কৰিছে । কংগ্ৰেছ-বিজেপিৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত হাগ্ৰামাৰ প্ৰধান চুক্তিয়ে হৈছে টকা । যোৱা বিধানসভা নিৰ্ব্বা চনত বিজেপিৰে মিত্ৰতাৰ প্ৰথম চুক্তিয়ে আছিলএহেজাৰ কোটী টকা । তেওঁ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়,আই আই এম,গধুৰ উদ্যোগ,নিৱনুৱা সমস্যাৰ দুৰ কৰাৰ চুক্তি কৰিব পাৰিলে হেতেন । কিন্ত নিবিচাৰি বিচাৰিলে টকা । তেওঁ ওপৰৰ পৰা টকা লৈ তলৰ পৰ্য্যায়ৰ লোকক কিনাৰ কথা চিন্তা কৰে । এয়াই তেওঁৰ ৰাজনীতি । হাগ্ৰামা।মহিলাৰীৰ ১৭ বছৰৰ  অপশাসন, দুৰ্নিতি,অহংকাৰী তথা ভোটাৰক ভয় ভিতি প্ৰদৰ্শন কৰি চলিব বিচৰা আজি সকলো পৰ্য্যায়ৰ লোকে বুজি পাইছে । আজি মানুহে তেওঁক অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে । ইপিনে একেদৰে বড়োলেণ্ডৰ ভয় দেখুৱাই নৱ শৰনীয়াই অবড়ো লোকৰ ভোট লব বিচাৰিছে । কোনো উন্নয়ন মুলক কাম নাই,কোনো ভাল চিন্তা নাই । আমাৰ সাতামপুৰুষীয়া সম্প্ৰিতি বিনষ্ঠ কৰি বড়ো-অবড়ো কৰি ৰাজনীতি কৰিব বিচাৰিছে। একেদৰে হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ডৰ ভয় দেখূৱাই অবড়ো লোকৰ ভোট লাভৰ চেষ্ঠা কৰিছে । মুঠতে নৱ শৰনীয়া আৰু হাগ্ৰামা মহিলাৰীয়ে মিলি বিটিচি ধ্বংশৰ ষৰযন্ত্ৰ কৰিছে । যোৱা ১৭ টা বছৰে আমি দেখি থকা সমস্যা দুৰ কৰাৰ বাবে অসমৰ ভিতৰত এজন ভাল প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ ভোট বিচাৰিছো । কাৰন তেওঁ একেৰাহে এজন ভাল সংগ্ৰামি,সাহিত্যিক,লিখক,বুদ্ধিজীৱি,গণতান্ত্ৰিক উন্নয়নৰ চিন্তা কৰা প্ৰাৰ্থী তেওঁ। সেয়ে আমি এবছুয়ে তেওঁক সমৰ্থন কৰিছো বুলি কয় প্ৰমোদ বড়োয়ে । 


    একেদৰেই  প্ৰমোদ বড়োয়ে মন্ত্ৰী চন্দন ব্ৰহ্মৰ দেৰ শ কোটীৰ দুৰ্নিতিৰ বিষয়ে কয় যে, এয়া নতুন কথা নহয় । তেওঁ প্ৰথম মন্ত্ৰী হোৱাৰ পৰা এতিয়ালৈ কেৱল দুৰ্নিতিহে কৰিলে । কাৰন তেওঁ নিজেও এজন সংগ্ৰামি হে আছিল । তেওঁ ইমান কম সময়ৰ ভিতৰত কেনেদৰে কেবাটাও গাড়ীৰ শ্বো ৰুমৰ মালিক হব পাৰে ? ইমান সম্পত্তিৰ গৰাকি হব পাৰিলে । মুঠতে বিপিএফৰ এই সকলৰ ৰাজনীতিকৰাৰ মুল উদ্দেশ্যই হৈছে দুৰ্নিতি । দুৰ্নিতি বাদ দি তেওঁলোকে একো কৰিব নোৱাৰে । দুৰ্নিতি আৰু চন্দন ব্ৰহ্ম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কয় প্ৰমোদ বড়োয়ে । গতিকে ইয়াত দ্বিতীয় কথা একো নাই, এই সকল দুৰ্নিতি গ্ৰস্থ নেতা আমি সলনি নকৰালৈ কোনো উন্নয়ন সম্ভৱ নহয় । ৰাইজৰো কোনো উন্নতি নহব । আজি চন্দন ব্ৰহ্মৰ মুখত ৰাইজৰ কাৰনে কোনো আঁচনি নাই,ৰাইজৰ উন্নয়নৰ বাবে একো কৰা নাই,তেওঁৰ সমষ্ঠীত হেজাৰ হেজাৰ নিৱনুৱা আছে।কেইজনক কৰ্মসংস্থাপন দিব পাৰিছে বুলিও কোৱাৰ লগতে কয় যে এইবোৰ তেওঁৰ কাম নহয় জানো । ৰাইজক ঠগ প্ৰৱঞ্চনাৰেই তেওঁলোকে ইমান দিন ৰাজনীতি কৰিলে সেয়া এতিয়া শেষ হোৱাৰ সময় বুলি স্পষ্ট ভাৱে কয় এবছু সভাপতি প্ৰমোদ বড়োয়ে । বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মক আমি সকলোৱে সন্মান কৰো এজন মহিলা নেত্ৰী হিচাবে । কিন্ত নেত্ৰী হিচাবে সন্মান কৰা আৰু কাম কৰাৰ মাজত বহু পাৰ্থক্য আছে । বাইদেউ ৬ বাৰ বিধায়িকা হোৱাৰ লগতে দুবাৰকৈ মন্ত্ৰী হৈছে । এই সয়ছোৱাত ৰাইজে বুজি পাইছে যে বাইদেউৰ ক্ষমতা কিমান । ৰাইজৰ বাবে কি কি কাম কৰিলে সেয়া সকলোৱে জানে।  আজি বাইদেউৰ পৰা জনজাতি সকলে কিবা আশা কৰিব পাৰে নে অজনজাতি সকলে পাৰে । কোনেও একো আশা কৰিও লাভ নহয় । বিপিএফ নেতৃত্বই আজি কৈছে যে বাইদেউৱে দখনা পিন্ধি সংসদত যাব কিন্ত অইন একো কব পৰা নাই । বাইদেউ বড়ো মহিলা হিচাবে দখনা পিন্ধি যোৱাটো একো ডাঙৰ কথা নহয় বুলি কোৱাৰ লগতে কয় যে এই অঞ্চলৰ জলন্ত সমস্যা সমুহৰ কোনো এটাতে একো কৰিব পৰা নাই । হাগ্ৰামাই প্ৰমিলা বাইদেউক বলিৰ পঠা সজাইছে । মাথো বাইদেউৰ বিধায়ক কোঠা খালি কৰি নিজৰ কোনোবা ব্যাক্তিক প্ৰক্ষেপ কৰিব আৰু বাইদেউক সাংসদ বনাই দিল্লী পঠাই ৰাজনৈতিক জীৱন বিদায় দিয়াৰ ফন্দি কৰিছে হাগ্ৰামাই এই দৰে কয় প্ৰমোদ বড়োয়ে । 


    নিৰ্বাচনি প্ৰচাৰত অংশগ্ৰহন কৰি এন ডি এফ বি প্ৰগতিশীলৰ নেতা বি বেঙ্গাই কয় যে অসম উত্তৰাঞ্চলত বহু বছৰৰ পৰা গণতান্ত্ৰিক আৰু সহশ্ৰ সংগ্ৰাম চলি আছে । এই সমস্যা দুৰ কৰাৰ ক্ষেত্ৰত বিপি এফ দল সম্পুৰ্ণৰূপে বিফল হৈছে । বহু কেইজন মন্ত্ৰী,বিধায়ক,সাংসদ আমি পাইছো যদিও কোনো কাম নকৰাত তেওঁলোকৰ প্ৰতি আমাৰ আস্থা নথকা বাবে ইউ পি পি এলৰ প্ৰাৰ্থী সংগ্ৰামি নেতা উৰ্খাউ গৌৰা ব্ৰহ্মই নিৰ্বাচিত হলে নিশ্চয় সমস্যা সমাধানত গুৰুত্ব দিব বুলি ভাৱিয়ে আমি সমৰ্থন দিছো । হাগ্ৰামা মহিলাৰীয়ে বিগত ১৭ বছৰে কোনো কাম কৰিব নোৱাৰা বাবে সকলোৰে আস্থা নোহোৱা হোৱাত আমি বিকল্প চিন্তা কৰিছো । হাগ্ৰামা মহিলাৰীয়ে ভয়তে প্ৰলাপ বকিছে আৰু এবছু,এন ডি এফ বিক গালি দিয়া পৰিলক্ষিত হৈছো । গতিকে তেওঁ কি কয় কৈ থাকক আমি সেয়া ভ্ৰুক্ষেপ নকৰো আমি আমাৰ মতে কাম কৰি যাম বুলি কোৱাৰ লগতে ৰাইজৰ সহযোগিতা বিচাৰে ।


   সভাত মহিলা ইউ পি পিৰ সভানেত্ৰী বিনা গয়াৰী আৰু বিটিচিৰ ১৩ চিৰাং সমষ্ঠীৰ ইউ পি পি এলৰ এম চি এল এ নিৰ্মল বসুমতাৰীয়েও বিপিএফ নেতৃত্বক কঠোৰ সমালোচনা কৰি ভাষন দিয়ে । 

    আজি চিৰাঙৰ বামুনগাঁওৰ এই নিৰ্ব্বাচনি সভাত চাৰি হেজাৰোধিক লোকে অংশগ্ৰহন কৰি প্ৰখৰ ৰদৰ মাজতে ছাতা লৈ শুনিলে নিৰ্ব্বাচনি সভাৰ ভাষন । আজি ইউপি পি এলৰ নেতৃত্বই চিৰাং জিলাৰ তিনি ঠাইত ক্ৰমে বিজনী পানবাৰী , বামুনগাঁও আৰু ভাৰত-ভূটান সীমান্তৰ থাইকাঝোৰা যত প্ৰায় ৮/১০হেজাৰ লোকে ইউ পি পি এলৰ নিৰ্ব্বাচনি সভাত উপস্থিত থাকে । 


বাইট : প্ৰমোদ বড়ো,এবছু সভাপতি ।


চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 






Body:বাইট : প্ৰমোদ বড়ো,এবছু সভাপতি ।


Conclusion:আজি চিৰাঙৰ বামুনগাঁওৰ এই নিৰ্ব্বাচনি সভাত চাৰি হেজাৰোধিক লোকে অংশগ্ৰহন কৰি প্ৰখৰ ৰদৰ মাজতে ছাতা লৈ শুনিলে নিৰ্ব্বাচনি সভাৰ ভাষন । আজি ইউপি পি এলৰ নেতৃত্বই চিৰাং জিলাৰ তিনি ঠাইত ক্ৰমে বিজনী পানবাৰী , বামুনগাঁও আৰু ভাৰত-ভূটান সীমান্তৰ থাইকাঝোৰা যত প্ৰায় ৮/১০হেজাৰ লোকে ইউ পি পি এলৰ নিৰ্ব্বাচনি সভাত উপস্থিত থাকে । 
Last Updated : Apr 11, 2019, 12:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.