চিৰাং, 30 মাৰ্চ : চিৰাং জিলাৰ শান্তিপুৰ, ভিৰানগাঁও, গৰুভাষা আৰু বামুনগাঁৱত মঙলবাৰে ইউপিপিএল-বিজেপিৰ মিত্ৰজোঁটৰ ৩১নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৱে । প্ৰমোদ বড়োৱে বিপিএফ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, এইবাৰ বিধানসভা নিৰ্বাচনত বিপিএফ দলৰ ১৭ বছৰীয়া দুৰ্নীতি, অপশাসন তথা ভ্ৰষ্টাচাৰৰ প্ৰত্যুত্তৰ দিব ভোটাৰে ।
বিপিএফ দলে বিগত সময়ত দলীয় নেতা কৰ্মীৰ বাদে সাধাৰণ জনতাৰ বাবে কোনো কাম নকৰিলে । বিপিএফৰ নেতাসকল কোটিপতি হোৱাৰ বিপৰিতে সাধাৰণ লোক দৰিদ্ৰৰ পৰা অধিক দৰিদ্ৰ হ’ল । চিদলী সমষ্টিৰ তিনিবাৰৰ বিধায়ক তথা চন্দন ব্ৰহ্মৰ দাদাগিৰি, একনায়কত্ববাদ, দুৰ্নীতি অপশাসন সৰ্বজন বিদিত । গতিকে ইয়াত সকলোৱে জানে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে ৰাইজ সাজু হৈ আছে ৷
বি পি এফ দলে টকা বিলালেও এইবাৰ কাম নিদিব বুলি কয় প্ৰমোদ বড়োৱে । মুঠতে হাগ্ৰামা মহিলাৰী এতিয়া ডুবি থকা সূৰ্য্য, এতিয়া আৰু হাগ্ৰামাৰ কোনো কাম নাই, বিধানসভা নিৰ্বাচনৰ পাচত হাগ্ৰামা মহিলাৰীৰ নাম নাথাকিব । হয় কিছুদিন সংবাদ মাধ্যমত থাকিব তাৰ পিচত নিশেষ হৈ পৰিব বুলি কয় প্ৰমোদ বড়োই ।
বিটিআৰৰ প্ৰধানগৰাকীয়ে লগতে কয় যে, এন এল এফ বি নামৰ সংগঠনটো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ কেইজনমান যুৱকে পুনৰ হাতত অস্ত্ৰ তুলি লৈছে । এতিয়াও সময় আছে ঘূৰি আহি শান্তিপূৰ্ণভাৱে ঘৰতে থাকক । অন্যথা সেনা-আৰক্ষীয়ে ৰেহাই নিদিব ।
তেওঁ লগতে এইসকল লোকক আৰক্ষীয়ে কোনো ধৰণৰ কূটাঘাট সংঘটিত কৰাৰ সুবিধা নিদিয়ে বুলি সদৰি কৰে ৷ বিটিআ প্ৰধান প্ৰমোদ বড়োৱে এইবাৰ আকৌ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰে । অনুষ্ঠানত বিভিন্ন দলৰ শতাধিক লোকে ইউপিপিএল দলত যোগদান কৰে ।
লগতে পঢ়ক : অশোক কুমাৰ সিংহীৰ হৈ প্ৰচাৰ চলালে জে পি নাড্ডাই